Kiara Advani Pregnancy:‘জীৱনৰ শ্ৰেষ্ঠ উপহাৰ’, মাতৃ হ’বলৈ ওলাইছে কিয়াৰা আদৱানী

advani

Kiara Advani Pregnancy:

২০২৩ চনৰ সাত ফেব্ৰুৱাৰীত জয়ছলমেৰত ৰাজকীয়ভাৱে বিবাহপাশত আবদ্ধ হয় বলীউডৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra) আৰু অভিনেত্ৰী কিয়াৰা আদৱানী(Kiara Advani)। কিছুদিনৰ আগতেই তেওঁলোকৰ দ্বিতীয় বিবাহ বাৰ্ষিকীও পাৰ হৈ গৈছে । ইয়াৰ মাজতে দম্পতীহালে সামাজিক মাধ্যমত তেঁওলোকৰ অনুৰাগীক দিলে ভাল খবৰ।

তেওঁলোকৰ পৰিয়াললৈ আহিবলৈ ওলাইছে নতুন সদস্য ! দুজনৰ পৰা তিনিজন হ’বলৈ ওলাইছে সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra) আৰু অভিনেত্ৰী কিয়াৰা আদৱানী(Kiara Advani)। শুকুৰবাৰে সামাজিক মাধ্যমত পিতৃ-মাতৃ হোৱাৰ খবৰ শ্বেয়াৰ কৰি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে লিখিছে ,’ জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰ ‘ লগতে শ্বেয়াৰ কৰিছে এযোৰ বগা উলৰ সৰু মোজাৰ ফটো।

সেই প’ষ্টৰ কমেণ্টবক্সত মৰম আৰু শুভেচ্ছাৰে ভৰাই তুলিছে বলীউডৰ সহকৰ্মীসকলৰ লগতে অভিনেতা দম্পতিহালৰ অনুৰাগীসকলে।

Exit mobile version