Ayodhya Ram Mandir:
অযোধ্যা ৰাম মন্দিৰত সন্ত্ৰাসবাদী সংগঠন “ইছলামিক ষ্টেট”ৰ বিধ্বংসী পৰিকল্পনা! মন্দিৰত আক্ৰমণৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত আজি গুজৰাট আৰু হাৰিয়ানা এছটিএফৰ যৌথ বাহিনীয়ে ফৰিদাবাদৰ এজন সন্দেহকজনক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ১৯ বছৰীয়া সন্দেহজনক লোকজন আব্দুল ৰেহমান বুলি চিনাক্ত কৰা হৈছে। তদন্তকাৰীয়ে অভিযুক্তৰ পৰা দুটা হেণ্ড গ্ৰেনেড জব্দ কৰে।
এছ টি এফৰ মতে, অযোধ্যাৰ মিলকিপুৰৰ বাসিন্দা ৰহমানে পাকিস্তানৰ গুপ্তচৰ সংস্থা আই এছ আইৰ স’তে নিয়মীয়া যোগাযোগত আছিল। তেওঁ আইএছআইএছ উগ্ৰপন্থী সংগঠনৰ স’তেও জড়িত আছে। জেৰাৰ সময়ত, অভিযুক্তজনে তদন্তকাৰীক জনাই যে তেওঁ অযোধ্যাৰ ৰাম মন্দিৰ আৰু গুজৰাটৰ সোমনাথ মন্দিৰত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল।
এছ.টি.এফ.-ৰ স’তে, এন.আই.এ. আৰু আই.বি.-য়ে অভিযুক্তজনক জেৰা আৰম্ভ কৰিছে। অনুসন্ধানত প্ৰকাশ পাইছিল যে দশম শ্ৰেণীৰ উত্তীৰ্ণ ৰহমানৰ মিলকিপুৰত এখন মাংসৰ দোকান থকাৰ লগতে তেওঁ এখন ই-ৰিক্সাও চলায়। ১০ মাহ আগতে আই এছ ৰ ইছলামিক ষ্টেট খুৰাচান প্ৰদেশ (আইএছকেপি)য়ে উগ্ৰপন্থী গোটটোত যোগদান কৰে। তাত তেওঁৰ অনলাইন প্ৰশিক্ষণো চলে। তাৰ পৰাই তেওঁক ৰাম মন্দিৰ বিস্ফোৰণৰ দায়িত্ব দিয়া হয়।
আৰক্ষীয়ে অভিযুক্তজনৰ মোবাইল ফোনৰ পৰা দেশৰ কেবাটাও ধৰ্মীয় স্থানৰ ফটো আৰু ভিডিঅ’ উদ্ধাৰ কৰিছে। তথ্য অনুসৰি, অভিযুক্তজনে বিস্ফোৰণটো সংঘটিত কৰিবলৈ ৰেইকি কৰিবলৈ কেবাবাৰো ৰাম মন্দিৰলৈ গৈছিল।অলপতে দিল্লীলৈ যোৱাৰ নামত ৰেলযোগে ফৰিদাবাদলৈ গৈছিল ৰহমান। তাতে শংকৰৰ নামেৰে এখন হোটেলত থাকিল। এই ভ্ৰমণৰ সময়ত তেওঁ এজন হেণ্ডলাৰৰ পৰা হেণ্ড গ্ৰেনেড সংগ্ৰহ কৰিছিল।
যাৰ স’তে এই আই এছ আই উগ্ৰপন্থীয়ে আক্ৰমণৰ পৰিকল্পনা কৰিছিল। বিষয়াসকলৰ মতে, প্ৰাৰম্ভিক তদন্তত এই সন্ত্ৰাসবাদীয়ে বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰা বুলি নিশ্চিত হৈছে।