James Harrison ২৪ লাখ শিশুক নতুন জীৱন দিয়া জেমছ হেৰিছনৰ দেহাৱসান!
বিশ্বৰ অন্যতম প্ৰভাৱশালী ৰক্তদাতা হিচাপে পৰিচিত আছিল জেমছ হেৰিছন । তেওঁৰ ব্লাড প্লাজমাত ২৪ লাখৰো অধিক শিশুৰ প্ৰাণ ৰক্ষা পৰিছে। আজি সোমবাৰে বিবিচিয়ে তেওঁৰ মৃত্যুৰ খবৰ দিয়ে।
আজি তেওঁৰ পৰিয়ালে জনোৱা মতে, ১৭ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ এখন নাৰ্চিং হোমত শুই থকাৰ অৱস্থাতে হেৰিছনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।
অষ্ট্ৰেলিয়াত, হেৰিচনক “সোণালী বাহু থকা মানুহ” বুলিও জনা যায়। তেওঁৰ তেজত এটা বিৰল এণ্টিবডী (এণ্টি-ডি) পোৱা গৈছিল । এই এণ্টিবডীটো গৰ্ভৱতী মাতৃসকলৰ বাবে প্ৰয়োগ কৰা ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
১৪ বছৰ বয়সত বুকুৰ ডাঙৰ অস্ত্ৰোপচাৰ কৰাৰ সময়ত ৰক্তদাতা হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হেৰিছনক অষ্ট্ৰেলিয়াৰ ৰেড ক্ৰছ ব্লাড চাৰ্ভিচে শ্ৰদ্ধাঞ্জলি জনায়। ১৮ বছৰ বয়সৰ পৰাই তেওঁ ৰক্তদান আৰম্ভ কৰে। ৮১ বছৰ বয়সলৈকে তেওঁ দুসপ্তাহৰ মূৰে মূৰে এবাৰ ৰক্তদান কৰি থাকিল।
২০০৫ চনত হেৰিছনে বিশ্বৰ সৰ্বাধিক প্লাজমা দানৰ অভিলেখ গঢ়িছিল। কিন্তু তেওঁৰ এই অভিলেখ ২০২২ চনত এজন আমেৰিকান নাগৰিকে ভংগ কৰে ।
হেৰিছনৰ জীয়ৰী ট্ৰেচি মেলোশ্বিপে জনাই যে তেওঁৰ পিতৃয়ে বিনামূলীয়া আৰু বেদনাহীনভাৱে বহুতো জীৱন ৰক্ষা কৰি অত্যন্ত গৌৰৱান্বিত।
ট্ৰেচীয়ে লগতে কয় যে তেওঁ আৰু তেওঁৰ দুটা সন্তানেও এণ্টি ডি টিকাকৰণৰ দ্বাৰা উপকৃত হৈছে ।
এন্টি-ডি বেজীয়ে গৰ্ভস্থ শিশুক হেম’লাইটিক ডিজিজ অৱ দ্য ফেটাছ এণ্ড নিউবৰ্ণ (HDFN) নামৰ জীৱন সংকটজনক তেজৰ ৰোগৰ পৰা ৰক্ষা কৰে। গৰ্ভাৱস্থাত মাতৃৰ ৰক্তকণিকা শিশুৰ তেজৰ লগত অসঙ্গতিপূৰ্ণ হ’লে এই অৱস্থাৰ সৃষ্টি হয়।
এনে পৰিস্থিতিত মাতৃৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই শিশুৰ ৰক্তকণিকাক শত্ৰু বুলি চিনাক্ত কৰি আক্ৰমণ কৰিবলৈ এন্টিব’ডি উৎপন্ন কৰে।
এই এন্টিবডিবোৰে শিশুৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত শিশুৰ তীব্ৰ ৰক্তহীনতা, হৃদৰোগ, আনকি মৃত্যুও হ’ব পাৰে।