Trump-Zelenskyy Row:ইউক্ৰেইনক আত্মসমৰ্পণ কৰিবলৈ হেঁচা ট্রাম্পৰ ’!

সামৰিক সাহায্য বন্ধ হোৱাত ক্ষোভ কিয়েভত

ukrine

Trump-Zelenskyy Row:

আমেৰিকাই বিচাৰে ৰাছিয়াৰ দাবীৰ ওচৰত আত্মসমৰ্পণ কৰক ইউক্ৰেইনে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনলৈ সামৰিক সাহায্য বন্ধ কৰাৰ পাছত এই অনুমান ইউক্ৰেইনৰ সংসদৰ বৈদেশিক পৰিক্ৰমা সমিতিৰ মুৰব্বী অলেক্সেণ্ডাৰ মেৰেজকৰ। সংবাদ সংস্থা ৰয়টাৰ্ছক তেওঁ কয় ,” বিষয়টো দেখি বৰ দুখ লাগিছে। দেখাত অনুমান হৈছে হে তেওঁ (ট্ৰাম্পে) আমাক আত্মসমৰ্পণৰ দিশে ঠেলি দিছে। আমি যাতে ৰাছিয়াৰ দাবী মানি লওঁ তাৰে চেষ্টা চলিছে। ”

ADVERTISEMENT

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ স’তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ ৰাজহুৱা ভাষণৰ পাছত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক সম্পৰ্কে আলোচনা আৰম্ভ হয়। তথ্য অনুসৰি ,এই পৰিস্থিতিত মঙলবাৰে পুৱাই (ভাৰতৰ সময় অনুসৰি) ৱাশ্বিংটনে কিয়েভক সামৰিক সাহায্য প্ৰদান কৰা বন্ধ কৰি দিছে।

নাম প্ৰকাশ নকৰাৰ চৰ্তত হোৱাইট হাউচৰ এজন বিষয়াই এএফপিক জনাইছে যে , “ৰাষ্ট্ৰপতিয়ে শান্তি পুনৰুদ্ধাৰ কৰিবলৈ সংকল্পবদ্ধ । আমি বিচাৰো আমাৰ বন্ধুসকলেও সেই একেটা লক্ষ্যতে স্থিৰ থাকক। সেয়েহে আমি সাহায্য (ইউক্ৰেইনলৈ সামৰিক সাহায্য) সাময়িকভাৱে স্থগিত ৰাখিছো আৰু সমাধান বিচাৰি ইয়াৰ পৰ্যালোচনা কৰিছো।’

যদিও ইয়াৰ কাৰণ হোৱাইট হাউছৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, তথাপিও সেই বিষয়াজনৰ কথাৰ পৰা আমেৰিকাৰ উদ্দেশ্যৰ আভাস পোৱা গৈছে। হোয়াইট হাউছৰ চৰকাৰী সূত্ৰৰ মতে, সংবাদ সংস্থা এ পিয়ে কয় যে আমেৰিকাই বিচাৰে যে ইউক্ৰেইনে ৰাছিয়াৰ স’তে যুদ্ধবিৰতি চুক্তিৰ আলোচনাত সন্মত হওক।

দৰাচলতে, ট্ৰাম্প আৰু ভেন্সে জেলেনস্কিক হোৱাইট হাউচৰ বৈঠকত মীমাংসা কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু জেলেনস্কিয়ে ইয়াক গ্ৰহণ কৰিব নোৱাৰিলে।পাছত  যুটীয়া বিবৃতিৰ সময়ত, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিস্থিতিও উত্থাপিত হয় উত্তপ্ত বাক বিনিময়ৰ সময়ত, জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিষয়ে কয়, ‘মই বহু চুক্তি দেখিছো। কিন্তু তাৰ পাছতো তেওঁ বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰিছিল। আমাৰ দেশৰ মানুহক হত্যা কৰিলে। উভতাই দিয়া নহ’ল কয়দীসকলক। কোনো চৰ্ত মানি লোৱা নহ’ল।”

বিতৰ্কৰ মাজতে ট্ৰাম্পে তেওঁক ক’লে, “আপুনি লাখ লাখ মানুহৰ জীৱনৰ স’তে খেলা কৰি আছে। আমেৰিকাক অপমান কৰা।জেলেনস্কিক সকীয়াই দি ট্ৰাম্পে কয়,আপুনি এই যুদ্ধত জয়ী হ’ব নোৱাৰে। আমাৰ সহায়ত আপুনি ইয়াৰ পৰা ওলাই আহিব পাৰিব। আমাৰ অস্ত্ৰ অবিহনে এই যুদ্ধ দুসপ্তাহলৈকে চলি নাথাকিলহেঁতেন।”

Exit mobile version