Actress Ranya Rao Arrested In bengaluru Airport:
সোমবাৰে সন্ধিয়া বেংগালুৰুৰ কেম্পেগোৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৪.৮ কিলোগ্ৰাম চোৰাং সোণ ৰখাৰ অপৰাধত স্বামীৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী ৰন্যা ৰাওক ৷ ৰাও কৰ্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ ডিজিপি ৰামচন্দ্ৰ ৰাওৰ কন্যা ৷
ইতিমধ্যে অৰ্থনৈতিক অপৰাধ আদালতত অভিনেত্ৰী ৰন্যা ৰাওক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। কাষ্টম বিষয়াসকলৰ মতে, ৰাও ডুবাইৰ পৰা এমিৰেটছৰ বিমানেৰে আহিছিল আৰু সঘনাই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে তেওঁৰ ওপৰত বিশেষ নজৰ দিয়া হৈছিল৷ যোৱা পষেকৰ চাৰিবাৰকৈ ডুবাইলৈ যোৱাটো লক্ষ্য কৰাৰ পিছত কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰে, যাৰ ফলত উভতি অহাৰ লগে লগে তেওঁক বিমান বন্দৰতে সোন সহ আটক কৰা হয়
আনহাতে এই ঘটনাই সমগ্ৰ কৰ্ণাটকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ইয়াৰ মাজতে আজি নিজ কন্যা ৰন্যা ৰাওক গ্ৰেপ্তাৰ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰ্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ ডিজিপি ৰামচন্দ্ৰ ৰাৱে।
ডিজিপি ৰাৱে কয় যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডি আৰ আই) ৰণিয়াক গ্ৰেপ্তাৰ কৰা বুলি শুনি তেওঁ স্তম্ভিত হৈ পৰে। ৰাৱে কয়, “সংবাদ মাধ্যমৰ জৰিয়তে এনে এটা কাণ্ড মোৰ দৃষ্টিগোচৰ হোৱাত মইও স্তম্ভিত আৰু বিধ্বস্ত হৈ পৰিলোঁ। এইবোৰৰ কোনো এটা কথাৰ বিষয়ে মই অৱগত নাছিলোঁ; আন যিকোনো পিতৃৰ দৰে ময়ো স্তম্ভিত হৈ পৰিলোঁ।”
ৰাওৱে লগতে প্ৰকাশ কৰে যে ৰণয়া তেওঁৰ লগত নাথাকে আৰু লগতে কয়, “তাই স্বামীৰ সৈতে পৃথকে থাকে। কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে তেওঁলোকৰ মাজত নিশ্চয় কিবা সমস্যা আছে।”
চলি থকা তদন্তৰ সন্দৰ্ভত তেওঁ কয় যে আইন নিজৰ গতি ল’ব আৰু তেওঁৰ কেৰিয়াৰত কোনো ক’লা তিল নাই। যিয়েই নহওক, আইনে নিজৰ কাম কৰিব । মই ইয়াতকৈ বেছি একো ক’ব নিবিচাৰো।’