BJP গোলকগঞ্জত ভূ মাফিয়া বিজেপিৰ সভাপতি

WhatsApp Image 2025 03 05 at 4.08.25 PM

BJP গোলকগঞ্জত ভূ মাফিয়া বিজেপিৰ সভাপতি

পিতৃয়ে বিক্ৰী কৰা মাটি বেদখলত নামিল বিজেপিৰ ধুবুৰী জিলা সভাপতি।ভূ মাফিয়াৰ ষ্টাইলত আহিল নৱ নিৰ্বাচিত সভাপতি ৰঞ্জিত কুমাৰ ৰায়।

ADVERTISEMENT

চক্ৰ বিষয়া, আৰক্ষী, ভেৰোনীয়া বাহিনীক লগত লৈ সদলবলে আহিল গোলকগঞ্জৰ দক্ষিণ টোকৰেৰছৰা দ্বিতীয় খণ্ড গাঁৱত। গাঁৱত আহি চৰম বাধাৰ সম্মুখীন স্থানীয় ৰাইজ কোচৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ। সভাপতিৰ এনে কাৰ্যত মৰ্মাহত দল সংগঠন।

অভিযোগ মতে ১৯৬৮ চনতে পিতৃ কমলা কান্ত ৰায়ে বিক্ৰী কৰিছিল সৰোজিনী ৰায়ৰ ওচৰত। কবলা আৰু দলিল সূত্ৰে ১৯৯৭ চনত মাটিডোখৰ ক্ৰয় কৰে গাঁও খনৰ মন্টু ৰায় আৰু ভাতৃ উমানন্দ, পৰেশ আৰু পিতাম্বৰ ৰায়।

ধনৰ অভাৱত নামজাৰি কৰিব পৰা নাছিল মন্টু হতে। সেই সুযোগ গ্ৰহণ কৰে ৰঞ্জিত ৰায়। বিজেপিৰ জিলা সভাপতিৰ দায়িত্ব লৈয়ে আগ্ৰাসী ৰূপ লয় পিতৃয়ে বিক্ৰী কৰা ভূমিৰ ওপৰত।

বিভাগীয় লোকৰ লগতে আনে একাংশ ভেৰোণীয়া বাহিনী হাতে হাতে যাঠি জোং লৈ। অৱশ্যে ঘুৰাই পঠায় মূৰব্বী কিছুমানে বুজনি দি। ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া মৰ্মাহত সাধাৰণ ৰাইজ।

Exit mobile version