Bollywood লোভনীয় চাকৰিও বাদ দিছিল বলিউদৰ একাধিক তাৰকাই !

Sonakshi Sinha Vicky Kaushal Brides Today main

Bollywood লোভনীয় চাকৰিও বাদ দিছিল বলিউদৰ একাধিক তাৰকাই !

ADVERTISEMENT

 

অভিনয়ৰ দ্বাৰাই কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লৈছিল। স্বপ্নপূৰ্ণৰ বাবে আনকি বলিউদৰ বহু তাৰকাই লোভনীয় দৰমহাৰ চাকৰি ত্যাগ কৰিবলৈকো ইতস্ততঃবোধ কৰা নাছিল।

সম্প্রতি অভিনয়ৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱাৰ সমান্তৰালকৈ তেওঁলোকে প্ৰচুৰ জনপ্রিয়তাও অর্জন কৰিছে। সেই তালিকাত আছে ভিকি কৌশল, সোণাক্ষী সিনহা, ভূমি পেডনেকাৰৰ দৰে তাৰকাসকল।

২০১৫ত ‘মাছান’ ছবিৰ যোগেদি বলিউদত কেৰিয়াৰ আৰম্ভ কৰিছিল ভিকি কৌশলে। সম্প্রতি তেওঁৰ পকেটত আছে ‘ছেম বাহাদুৰ’, ‘চৰ্দাৰ উধম’, ‘উৰি : দ্য ছার্জিকেল ষ্ট্ৰাইক’ৰ দৰে জনপ্ৰিয় ছবি।

মুম্বাইৰ এখন কলেজৰ পৰা ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লোৱাৰ পাছত ভিকিয়ে কোনো বেচৰকাৰী কোম্পানীত কাম কৰাৰ ইচ্ছা নকৰিলে । একাধিক কোম্পানীৰ পৰা তেওঁ লোভনীয় দৰমহাৰ প্ৰস্তাৱো পাইছিল।

যদিও অভিনয়ৰে কেৰিয়াৰ গঢ়াৰ ইচ্ছাৰে তেওঁ চাকৰিত যোগদান নকৰিলে। ২০১২ত মুক্তিপ্রাপ্ত ‘গেংছ অৱ ৱাছেপুৰ’ ছবিত ভিকিয়ে পৰিচালক অনুৰাগ কাশ্যপৰ সহকাৰীৰূপে কাম কৰে।তাৰ পাছত কে’বাখনো হিন্দী ছবিত তেওঁ সৰু-সুৰা চৰিত্ৰত অভিনয় কৰিছিল।

দিল্লীৰ এখন কলেজৰ পৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং বিষয়ত স্নাতক হয় বলিউদৰ নায়িকা তাপসী পান্নু। কলেজীয়া শিক্ষা সাং কৰাৰ পাছত তেওঁ ছফ্‌টৱেৰ ইঞ্জিনীয়াৰূপে চাকৰিত যোগ দিয়ে।

আই’এছৰ কাৰণে এটা এও প্রস্তুত কৰিছিল তাপসীয়ে। যদিও তেওঁৰ মন আছিল অভিনয়ত। চাকৰি কৰি থকা অৱস্থাতে অভিনেত্ৰীগৰাকীয়ে মডেলিং আৰম্ভ কৰে। ২০০৮ত এটা জনপ্রিয় টেলেণ্ট শ্ব’ত মডেলৰূপে তেওঁ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়।

বহু নামী-দামী কোম্পানীৰ বিজ্ঞাপনত তাপসীয়ে অভিনয় কৰিছে। ২০১০ত তেওঁ ‘ঝুমণ্ডি নাদাম’ নামৰ এখন তেলুগু ছবিত অভিনয়ৰ সুযোগ পায় । ইয়াৰ পাছত তেওঁ তেলুগুৰ লগতে একাধিক তামিল ছবিতো অভিনয় কৰে।

২০১৩ত ডেভিদ ধৱনৰ ‘চশমে বদ্দুৰ’ ছবিৰ যোগেদি তাপসীয়ে বলিউদত আত্মপ্রকাশ কৰে। ইয়াৰ পাছৰ পৰা তেওঁ উভতি চাবলগীয়া হোৱা নাই ৷ অভিনয়ৰ বাবেই তেওঁ লোভনীয় চাকৰিও ত্যাগ কৰে ৷

মুম্বাইৰ এখন কলেজৰ পৰা এমবিএ কৰিছিল জন আব্রাহামে। কিছুদিন তেওঁ মিডিয়া প্লেনাৰৰূপেও কাম কৰিছিল । যদিও তেওঁৰ সপোন আছিল অভিনেতা হোৱাৰ। সেয়ে চাকৰি এৰি মডেলিং আৰম্ভ কৰে জনে ।

ইয়াৰ পাছত তেওঁ একাধিক মিউজিক ভিডিঅ’ত অভিনয়ৰ সুযোগ পায়। ২০০৩ত ‘জিছম’ ছবিৰ যোগেদি জনে বলিউদত ভৰি দিয়ে।পিতৃ বলিউদৰ নামজুলা অভিনেতা।

সেয়ে শৈশৱৰ পৰা সোণাক্ষী সিনহাই অভিনেত্রী হোৱাৰে সপোন দেখিছিল। শত্ৰুঘ্ন সিনহাৰ কন্যাই মুম্বাইৰ এখন কলেজত ফেশ্বন ডিজাইনিঙত পঢ়া-শুনা কৰে। কলেজীয়া শিক্ষা সাং কৰাৰ পাছত সোণাক্ষীয়ে ড্রেছ ডিজাইনাৰৰ কাম আৰম্ভ কৰে।

অৱশ্যে অভিনয় কৰাৰ বাবে চাকৰিও তেওঁ ত্যাগ কৰে। ২০১০ত মুক্তিপ্রাপ্ত ‘দবং’ ছবিৰ
যোগেদি সোণাক্ষীৰ বলিউদত অভিষেক ঘটে। জীৱনৰ প্ৰথম নায়ক আছিল ছলমান খান। স্কুলৰ শিক্ষা সমাপ্ত কৰি উচ্চ শিক্ষাৰ বাবে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণলৈ গৈছিল ৰণদীপ হুডা । তাৰ এখন কলেজৰ পৰা তেওঁ মাৰ্কেটিঙত স্নাতক হয় ৷

পাছত মানৱ সম্পদ আৰু বিজনেছ মেনেজমেণ্টত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। সেই সময়ত ৰণদীপে মেলবৰ্ণৰ এখন ৰেস্তোৰাঁত কাম কৰাৰ সমান্তৰালকৈ গাড়ীও চলাইছিল।

পাছত দেশলৈ উভতি আহি ৰণদীপে এটা বিমান সংস্থাৰ মার্কেটিং বিভাগত কাম আৰম্ভ কৰে। কামৰ সমান্তৰালকৈ তেওঁ মডেলিং আৰু নাটকত অভিনয় অব্যাহত ৰাখে। পাছত ডাঙৰ পৰ্দাত অভিনয়ৰ সুযোগ পোৱাৰ বাবে তেওঁ চাকৰিৰ পৰা ইস্তফা দিয়ে।

২০০১ত মুক্তিপ্রাপ্ত ‘মনছুন ৱেডিং’ ছবিৰ যোগেদি ৰণদীৰে বলিউদত ভৰি দিয়ে । শৈশৱৰ পৰাই অভিনয়ৰ প্ৰতি আগ্রহী আছিল পৰিণীতি চোপ্ৰা ৷ অভিনয়ৰ সুযোগ নোপোৱাত তেওঁ যশৰাজ ফিল্মছ প্রযোজনা সংস্থাৰ মার্কেটিং বিভাগত কাম কৰিবলৈ আৰম্ভ কৰে।

পৰৱৰ্তী সময়ত পদোন্নতি ঘটি তেওঁ সেই সংস্থাৰ পিআৰ হয়। অভিনয় জগতৰ ইমান কাষত থকা সত্ত্বেও অভিনয় কৰিব পৰা নাই বুলিয়ে এসময়ত পৰিণীতিয়ে চাকৰি ত্যাগ কৰি অভিনয় শিকিবলৈ প্রশিক্ষম কেন্দ্ৰত ভর্তি হয়। ২০১১ত তেওঁ ‘লেডিজ ভাৰ্ছেছ ৰিকি বহেল’ ছবিত অভিনয় কৰে।

পাছৰ বছৰ মুক্তিপ্রাপ্ত ‘ইশকজাদে’ ছবিৰ যোগেদি তেওঁ বলিউদৰ আচল যাত্ৰা আৰম্ভ কৰে। যশৰাজ ফিল্মছ প্রযোজনা সংস্থাত আন এগৰাকী অভিনেত্রীও কৰ্মৰত আছিল । সেই অভিনেত্রীয়েও অভিনয় কৰাৰ মানসেৰে চাকৰি ত্যাগ কৰিছিল।

সেই অভিনেত্ৰীগৰাকী হৈছে ভূমি পেডনেকাৰ। তেওঁ ছবছৰ যশৰাজ ফিল্মছৰ সহকাৰী কাষ্টিং ডিৰেক্টৰৰূপে কাম কৰিছিল। তাৰ পাছত তেওঁ চাকৰি ত্যাগ কৰে। ২০১৫ত মুক্তিপ্রাপ্ত ‘দম লগাকে হেইছা’ ছবিৰ যোগেদি ভূমিয়ে বলিউদত আত্মপ্রকাশ কৰে।

Exit mobile version