Orissa High Court ২৭ সপ্তাহৰ অন্তঃসত্ত্বা! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যা উচ্চ ন্যায়ালয়ে

আদালতে জনাইছে যে নাবালিকা গৰাকীৰ বিভিন্ন জটিল ৰোগ আছে । এই পৰিস্থিতিত তেওঁৰ প্ৰসৱও যথেষ্ট বিপদজনক। ফলস্বৰূপে, গৰ্ভপাতৰ আশংকা থকা স্বত্বেও তাইক গৰ্ভপাতৰ অনুমতি দিয়া হৈছে

WhatsApp Image 2025 03 05 at 10.56.33

Orissa High Court ২৭ সপ্তাহৰ অন্তঃসত্ত্বা! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে

ধৰ্ষণৰ ফলত অন্তঃসত্ত্বা হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী। প্ৰায় সাত মাহ গৰ্ভধাৰণৰ পাছত তাইক গভৰ্পাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে।

আদালতে জনাইছে যে নাবালিকা গৰাকীৰ বিভিন্ন জটিল ৰোগ আছে । এই পৰিস্থিতিত তেওঁৰ প্ৰসৱও যথেষ্ট বিপদজনক। ফলস্বৰূপে, গৰ্ভপাতৰ আশংকা থকা স্বত্বেও তাইক গৰ্ভপাতৰ অনুমতি দিয়া হৈছে।

সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ কান্ধমাল জিলাত। যোৱা বছৰ অনুসূচিত জনজাতিৰ নাবালিকাগৰাকীক একাধিকবাৰ ধৰ্ষণ কৰিছিল স্থানীয় এজন যুৱকে।

এই বিষয়ে নৱালিকাগৰাকীয়ে ভয়তে কাকো কোৱা নাছিল। কিন্তু ধৰ্ষণৰ ফলস্বৰূপে, কিশোৰীগৰাকী গৰ্ভৱতী হৈ পৰে। যেতিয়া কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে, পৰিয়ালটোৱে চিকিৎসকৰ কাষ চাপে ।

তাৰ পাছতে কিশোৰীগৰাকী ছয় মাহৰো অধিক সময় ধৰি গৰ্ভৱতী হোৱা বুলি জনা যায় । যি গৰ্ভপাত আইনৰ দ্বাৰা নিৰ্ধাৰিত ২৪ সপ্তাহৰ সীমা অতিক্ৰম কৰে।

সাধাৰণতে গৰ্ভপাত আইন অনুসৰি গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পাছত গৰ্ভপাত কৰিবলৈ আদালতৰ অনুমতিৰ প্ৰয়োজন হয়।

আদালতৰ মতে, সংবিধান অনুসৰি বিশেষ ক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ পাছতো আদালতে গৰ্ভপাতৰ অনুমতি দিব পাৰে।

এই ক্ষেত্ৰত, কিশোৰীগৰাকী যৌন নিৰ্যাতনৰ বলি। তাইৰ বিভিন্ন স্বাস্থ্য সমস্যা যেনে ৰক্তহীনতা আৰু মৃগীৰোগ আছে, যাৰ ফলত প্ৰসৱত জটিলতা হ’ব পাৰে।গতিকে তাইক গৰ্ভপাত কৰিবলৈ অনুমতি দিয়া হ’ল।

ন্যায়াধীশ এছ কে পানীগ্ৰাহীয়ে উৰিষ্যা উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি কৰে । তেওঁৰ কয়, বলপূৰ্বকভাৱে সন্তান জন্ম দিলে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত তেওঁৰ মৌলিক অধিকাৰ খৰ্ব হ’ব। ন্যায়াধীশগৰাকীয়ে ৰায়দানৰ সময়ত মহিলাৰ প্ৰজনন অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Exit mobile version