tamanna and vijay জনপ্ৰিয় বলীউড তাৰকা যুগল তামান্না ভাটিয়া আৰু বিজয় বৰ্মাৰ বিচ্ছেদ
বিয়াৰ জল্পনা-কল্পনাৰ মাজতে ভাঙিল তাৰকা যুগলৰ সম্পর্ক !
তেওঁলোকে ২০২৫ চনত বিবাহপাশত আৱদ্ধ হোৱাৰো পৰিকল্পনা কৰিছিল।
কিন্তু হঠাতে, তেঁওলোকৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰ কথাই অনুৰাগীসকলক হতবাক কৰি তুলিছে ।
কিয় আৰু কেতিয়া হ’ল দুয়োৰে বিচ্ছেদ?
তামান্না বা বিজয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ইয়াৰ মাজতে, তামান্নাৰ এটা পুৰণি পোষ্ট ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিয়পি পৰিছে। সেই পোষ্টটো দেখি অনুৰাগীসকলে অনুমান কৰে যে সম্পৰ্কৰ বিষয়ে বুজাবুজিৰ অভাৱৰ বাবে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে ।
তামান্নাই শ্বেয়াৰ কৰা প’ষ্টটোত লিখা আছিল, “ভাল পোৱাৰ সকলোতকৈ ডাঙৰ উপায় হৈছে ভালপোৱা দিয়া । কাৰোবাৰ মনোযোগ আকৰ্ষণ কৰাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল আনজনৰ প্ৰতিও মনোযোগ দিয়া। সকলোৰে দৃষ্টিত নিজকে ধুনীয়া কৰাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল আনক ভালদৰে চোৱা। বন্ধু হোৱাৰ উপায় হ’ল নিজে এজন ভাল বন্ধু হোৱা।”
সেই সময়ত, তামান্নাৰ প’ষ্টটো নেটিজেনসকলৰ দৃষ্টিগোচৰ হোৱা নাছিল। । কিন্তু দুয়োৰে বিচ্ছেদৰ বাতৰি বিয়পি পৰাৰ লগে লগে সেই প’ষ্টটোৰ বিষয়ে আলোচনা আৰম্ভ হয়।
তামান্না আৰু বিজয়ক বিভিন্ন সময়ত একেলগে দেখা গৈছিল। বিজয়ক সদায় তামান্নাৰ যত্ন লোৱা দেখা গৈছে। যিকোনো ঠাইতে তেওঁ তামান্নাক সন্মান কৰিছিল।
এই সকলোবোৰ দেখিয়ে তেওঁৰ অনুৰাগীসকল বিজয়ৰ ব্যৱহাৰৰ দ্বাৰা আকৰ্ষিত হৈছিল। লক্ষণীয়ভাৱে, দুয়োয়ে ভাল সময় অতিবাহিত কৰিছিল।