Ashok Singhal:ভাওনাক লৈ অশোভনীয় মন্তব্য কৰা মন্ত্ৰী অশোক সিংহালে অৱশেষত খুজিলে ক্ষমা

asoko

Ashok Singhal:

ভাওনাক লৈ অশোভনীয় মন্তব্য কৰা মন্ত্ৰী অশোক সিংহালে অৱশেষত খুজিলে ক্ষমা ৷ ভাওনাক লৈ কৰা বিৰ্তকিত মন্তব্যৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাব ,আছু সহ দল- মত বিভিন্ন সংগঠন তীব্ৰ গৰিহণাৰ দিয়াৰ পিছত আজি সামাজিক মাধ্যম যোগে মন্ত্ৰী সিংহালে ক্ষমা খুজিলে ৷
এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যেম হাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে। কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়। কিন্তু সমগ্র বিষয়টোক লৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত জনমানসত এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে। এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে। এই বিষয়টোক লৈ মই কোনো অনাহক বিতর্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে তাৰবাবে মই ক্ষমা প্রার্থী

Exit mobile version