England:
শিশুক প্ৰহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ আহ্বান জনাইছে ইংলেণ্ডৰ শিশু চিকিৎসকে। বৰ্তমান যুক্তিসংগত কাৰণত শিশুক মাৰধৰ কৰা আইনগতভাৱে বৈধ। কিন্তু চিকিৎসকসকলে সেইটো নিবিচাৰে। গতিকে এই ক্ষেত্ৰত, বৰ্তমানৰ আইন সংশোধনৰ বাবে ব্ৰিটিছ সংসদত এখন বিধেয়ক উত্থাপন কৰা হৈছে।
বৰ্তমানে, যুক্তিসঙ্গত কাৰণত শিশুক প্ৰহাৰ কৰাটো ইংলেণ্ডত বৈধ । অৱশ্যে, ৰয়েল কলেজ অফ পেডিয়াট্ৰিক্স এণ্ড চাইল্ড হেল্থ (আৰচিপিচিএইচ)য়ে কয় যে কোনো গৱেষণাত শিশু বিকাশৰ ওপৰত প্ৰহাৰৰ কোনো ইতিবাচক প্ৰভাৱ দেখা পোৱা নাই, কিন্তু বহুতো নেতিবাচক প্ৰভাৱ আছে।
তাৰ বাবেই ব্ৰিটিছ সংসদত বৰ্তমানৰ আইনখনৰ সংশোধনৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত শাসকীয় লেবাৰ পাৰ্টিৰ সাংসদ জেছ আছাটোৱে ‘ চিলড্ৰেনছ ৱেলবিং এণ্ড স্কুলছ বিল ’ নামেৰে সংশোধনী উত্থাপন কৰিছিল। যদিহে এক নিৰ্দিষ্ট সংখ্যক সাংসদে এই বিধেয়কখন সমৰ্থন কৰে তেন্তে ইংলেণ্ডত শিশু নিৰ্যাতন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব।
আনকি নিজৰ পিতৃ-মাতৃয়েও শিশুটিক শাৰীৰিকভাৱে আঘাত দিয়াৰ অধিকাৰ নাথাকিব। অভিভাৱকসকলৰ এই বিধেয়কক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিশুৰ ওপৰত হাত উঠোৱা নিষেধাজ্ঞা আৰোপ কৰা এই বিধেয়কখন একাংশই সমৰ্থন কৰে যদিও বহুতে অপছন্দও কৰে। বহুতে ভাবে যে পিতৃ-মাতৃৰ সন্তানক শাসন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। তাত চৰকাৰী হস্তক্ষেপ গ্ৰহণযোগ্য নহয়।
উল্লেখ্য যে, একাধিক অধ্যয়নত দেখা গৈছে যে অনুশাসন হিচাপে প্ৰহাৰ কৰিলে শিশুৰ বিকাশত কোনো ইতিবাচক প্ৰভাৱ নপৰে, বৰঞ্চ ই শাৰীৰিক আৰু মানসিকভাৱে ক্ষতিকাৰক।বিশেষজ্ঞসকলৰ মতে, যেতিয়া শিশুৱে শাস্তি হিচাপে শাৰীৰিকভাৱে আঘাত পায়, তেতিয়া তেওঁ অধিক প্ৰত্যাহ্বানমূলক আচৰণ কৰে, হতাশা, উদ্বেগ আৰু আক্ৰমণাত্মকতা দেখুৱায়
ইংলেণ্ডত যোৱা বছৰ ছাৰা নামৰ এগৰাকী ১০ বছৰীয়া কিশোৰীৰ পিতৃ আৰু মাতৃৰ দ্বাৰা প্ৰহাৰ কৰাৰ ফলত মৃত্যু হৈছিল।তেতিয়াৰ পৰাই, বিভিন্ন শিশু সুৰক্ষা সংগঠনে শিশুৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ আৰম্ভ কৰিছে।
যদিও ইংলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ডৰ আইনে যুক্তিসঙ্গত কাৰণত শিশুক প্ৰহাৰ কৰাৰ অনুমতি দিয়ে, স্কটলেণ্ড আৰু ৱেলছত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। পৃথিৱীৰ ৬৭ খন দেশত শিশুক প্ৰহাৰ কৰাটো অবৈধ। আন ২০ খন দেশে এই সংস্কৃতি বন্ধ কৰাৰ পৰিকল্পনা কৰিছে।