Kedarnath Ropeway:এইবাৰ সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ হ’ব ৰ’প ৱে’ !

ঐতিহাসিক সিদ্ধান্ত কেন্দ্রৰ

kedarnath

Kedarnath Ropeway:

তীৰ্থযাত্ৰী সকলৰ বাবে ভাল খবৰ।এইবাৰ সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ ১২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’প ৱে’ নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন জনায় কেন্দ্ৰীয় কেবিনেটে।যাৰ ব্যয় হ’ব প্ৰায় চাৰি হেজাৰ ৮১ কোটি টকা। অহা চাৰিৰ পৰা ছয় বছৰৰ ভিতৰত তৈয়াৰী হ’ব এই ঐতিহাসিক ঝুলন্ত যাত্রাপথ ! অমৰনাথৰ পাছত ভাৰতৰ অন্যতম কঠিন হিন্দু তীৰ্থযাত্ৰা হ’ল উত্তৰাখণ্ডৰ কেদাৰ আৰু বদ্ৰী। অতীতৰ তুলনাত পথ সুগম হৈছে।

ADVERTISEMENT

গতিকে সোণপ্ৰয়াগৰ পৰা গৌৰীকুণ্ডলৈ পাঁচ কিলোমিটাৰ পথ গাড়ীৰে যোৱা পাছত গৌৰীকুণ্ডৰ পৰা ২৬ কিলোমিটাৰ ট্ৰেকিং কৰি কেদাৰনাথ উপস্থিত হ’ব লাগে।এই কঠিন পথটো এতিয়া জ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও সহজ হ’ব । তদুপৰি, ইয়াত যথেষ্ট কম সময় লাগিব। ইয়াৰ উপৰিও প্ৰতিদিনে ১৮ হেজাৰ আৰু ঘণ্টাত ১৮০০ যাত্ৰী কঢ়িয়াই নিয়াৰ ক্ষমতাৰে ডিজাইন কৰা হ’ব এই ‘ ট্ৰাই কেবল ‘ ৰ’প ৱে ‘ ।

এতিয়া গৌৰীকুণ্ডৰ পৰা খোজকাঢ়ি, ঘোঁৰা বা পালকিৰে কেদাৰনাথলৈ যাবলৈ আঠৰ পৰা ন ঘণ্টা সময় লাগে। ইয়াৰ পৰিৱৰ্তে এতিয়া মাত্ৰ ৩৬ মিনিটতে কৰিব পাৰিব কেদাৰনাথৰ যাত্ৰা । কেদাৰনাথৰ উপৰিও কেন্দ্ৰীয় কেবিনেটে গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহাবলৈ ১২.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ বাবে ব্যয় হ’ব ২৭৩০ কোটি টকা। উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে উত্তৰখণ্ড ভ্ৰমণ কৰে। আৰু তাৰ ঠিক আগতে দুটা ৰ’পৱে প্ৰকল্পৰ কথা ঘোষণা কৰা হ’ল।

Exit mobile version