ADRE Results 2025:ঘোষণা কৰা হল ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল

নিশা ১২ বজাত ঘোষণা কৰা হয় ফলাফল

adre

ADRE Results 2025:

বহু প্ৰতিক্ষাৰ অন্তত বৃহস্পতিবাৰে নিশা ১২ বজাৰ লগে লগে ঘোষণা কৰা হয় ADREৰ ফলাফল। তৃতীয় আৰু চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল দুটাকৈ ৱেবছাইট দুটাত উপলব্ধ কৰা হৈছে ৷ পৰীক্ষাৰ্থী সকলে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব ৷ ৱেবছাইট দুটা হ’ল www.site.sebaonline.org আৰু উপলব্ধ ফলাফল www.assam.gov.in ৷

ADVERTISEMENT

উল্লেখ্য যে,স্নাতক পর্যায়ত সাধাৰণ শ্ৰেণীৰ কাট অফ মার্ক ১৩৭.৭৫ৰ বিপৰীতে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কাট অফ মার্ক হৈছে ১২৬.২৫ ৷

আনহাতেADRE ৰ উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলে OMR SHEET ৱেবচাইটতে উপলব্ধ কৰিব পাৰিব ৷ উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে স্কীল টেষ্টত অৱতীৰ্ণ হ’ব লাগিব৷ পৰৱৰ্তী সময়ত লিখিত পৰীক্ষা আৰু স্কীল টেষ্টৰ নম্বৰ যোগ দি ঘোষণা কৰা হ’ব ফলাফল ৷ ফলাফল সম্পৰ্কীয় সকলো তথ্য বৃহস্পতিবাৰে ৰাজ্যিক পৰ্যায়ৰ নিয়োগে আয়োগে সংবাদমেল যোগে সদৰি কৰিছিল ৷

Exit mobile version