Assam Civil Society:ভাওনা আৰু মিঞা বিৰোধী অশোক সিংহাল অসমীয়া জাতীয় সত্বাৰ প্ৰতি ভাবুকি : অসম চিভিল ছ’চাইটি

asoko

Assam Civil Society:

শেহতীয়াকৈ অসম মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহালে চহকী অসমীয়া ঐ্তিহ্য ভাওনা আৰু মিঞা বুলি অভিহিত বঙ্গমূলীয় অসমীয়া মুছলমান সমাজৰ প্ৰতি অৱমাননাসূচক মন্তব্য কৰি অসমীয়া জাতীয় সত্বাৰ প্ৰতি প্ৰত্যাহবান জনাইছে ৷ উল্লেখ্য যে কিছুদিন আগতে গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ভাওনাত তেওঁক নিমন্ত্ৰণ কৰিবলৈ গৈছিল প্ৰেছ ক্লাবৰ একাংশ প্ৰতিনিধি ।

ADVERTISEMENT

সেই সময়তে মন্ত্ৰী গৰাকীয়ে তেঁওলোকৰ সন্মুখতে ভাওনা সম্পৰ্কে অশালীন মন্তব্য কৰে। তাৰ পাছতে যেতিয়া এই কথা প্ৰকাশ্যে লৈ আহে মন্ত্ৰী গৰাকীয়ে তেনে মন্তব্য নকৰাৰ অস্বীকাৰ কৰি সাংবাদিক প্ৰতিনিধিসকলক মিছলীয়া প্ৰতিপন্ন কৰিব বিচাৰে ৷ ইফালে সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি “মিঞা জনগোষ্ঠীৰ লগত তেওঁ নাই বুলিও মন্তব্য কৰে ৷ তেওঁ এই জনগোষ্ঠীৰ বিৰোধী৷ মিঞাৰ লগত কোনোবা গ’লে তেওঁ সেইসকলকো এৰি দিব” বুলিও বৈষম্যমূলক মন্তব্য কৰে ৷

উক্ত মন্তব্যৰ জৰিয়তে মন্ত্ৰী অশোক সিংহালে নিজৰ সাম্প্ৰদায়িক পৰিচয় দাঙি ধৰাৰ লগতে জনপ্ৰতিনিধি আৰু মন্ত্ৰীৰূপে পাঠ কৰা শপতবাক্য ভঙ্গ কৰি মন্ত্ৰীত্বৰ যোগ্যতা হেৰুৱাইছে ৷ অশোক সিংহালে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি অহাটো অসম চিভিল ছ’চাইটিয়ে লক্ষ্য কৰি আহিছে ৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচলন কৰা ভাওনা আৰু বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ সম্পৰ্কত কৰা সাম্প্ৰতিক অৱমাননাকৰ মন্তব্যক অসম চিভিল ছ’চাইটিয়ে তীব্ৰ নিন্দা কৰিছে আৰু তেওঁক জনপ্ৰতিনিধিৰ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ আৰু ভৱিষ্যতে কোনো জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিৰ প্ৰতি অৱমাননাসূচক  মন্তব্য দিয়া আৰু বৈষম্যমূলক আচৰণ কৰাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ৷

Exit mobile version