Mumbai Railway station:ৰে’ল ষ্টেচনৰ শৌচালয়ত হাত কাটি যুৱতীয়ে লিখিলে “আই এম ছ’ৰী ” !

mumbai

Mumbai Railway station:

ষ্টেচনৰ শৌচালয়ৰ ভিতৰৰ পৰা তেজ ওলাই আহিছিল। শৌচালয়ৰ পৰা নিগৰি অহা তেজ দেখি হতবাক মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ ৰেল ষ্টেচনৰ যাত্ৰীসকল । কোনোমতে শৌচালয়ৰ দুৱাৰ খুলি হতভম্ব হ’ল যাত্ৰী । তেজেৰে লুতুৰি পুতুৰি হৈ শৌচালয়ৰ এটা চুকত পৰে আছে এগৰাকী যুৱতী । ঘটনাটো প্ৰত্যক্ষ কৰা পাছতে যাত্ৰীসকলে ততাতৈয়াকৈ ৰে’ল আৰক্ষীক খবৰ দিয়ে।

ADVERTISEMENT

আৰক্ষীৰ তথ্য অনুসৰি শৌচাগাৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে এগৰাকী যুৱতীক। তেওঁৰ হাতৰ শিৰ কটা আছিল । বহুত ৰক্তপাত হৈছে । অৱশ্যে কেতিয়া আৰু কেনেকৈ এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই ঘটনা সংঘটিত হোৱা প্লেটফৰ্মৰ পৰা চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

ৰে’ল ৱে আৰক্ষীয়ে জনোৱা অনুসৰি, শৌচালয়ৰ মজিয়াত তেজেৰে লিখা আছিল “আই এম ছ’ৰী ” । কিন্তু কাৰ বাবে যুৱতীগৰাকীয়ে এই কথা লিখিছিল তাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে । এগৰাকী তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া মতে যুৱতীগৰাকীৰ বয়স ২০ৰ পৰা ২৭ বছৰৰ ভিতৰত। উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁ কিয় এই পদক্ষেপ ল’লে সেইয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে । উল্লেখ্য যে, যুৱতী গৰাকীৰ নাম আৰু পৰিচয় জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।

Exit mobile version