Ayodhya Ram Temple: ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
এইবাৰ সেই অযোধ্যাত অনুষ্ঠিত হ’ব ৰাম লাল্লাৰ ৰাজ অভিষেক অনুষ্ঠান । ৰাম মন্দিৰ ট্ৰাষ্টৰ সূত্ৰৰ পৰা লাভ কৰা ‘তথ্য’ৰ ভিত্তিত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে মে’ মাহত অযোধ্যাত প্ৰতিষ্ঠা হ’ব ৰজা ৰামচন্দ্ৰৰ দৰবাৰ ।
লগতে প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে মন্দিৰৰ প্ৰথম মহলাত ৰাম দৰবাৰ বা ৰাজ দৰবাৰ প্ৰতিষ্ঠা হোৱাৰ পাছত মে’ মাহত ইয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব।
ৰাজদৰবাৰ স্থাপনৰ লগে লগে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।
ইয়াৰ পূৰ্বে মন্দিৰৰ দেৱালৰ আধৰুৱা কামো সম্পূৰ্ণ হ’ব বুলি ৰাম মন্দিৰ ট্ৰাষ্টৰ সূত্ৰই প্ৰকাশ কৰিছে।