Tinsukia
উজনি অসমৰ বানিজ্যিক প্ৰাণ কেন্দ্ৰ তিনিচুকীয়া জিলাত নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথ নিৰ্মাণত বিয়াপক অনিয়ম সংঘটিত কৰিছে পথ নিৰ্মাণকাৰী সংস্থাটোৱে৷
তিনিচুকীয়া-মাকুম সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ঠিকা লাভ কৰা টিটিচি ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ কৰ্মকাণ্ডত অতিস্থ হৈছে ৰাইজ৷
অতি লেহেমীয়া গতিৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণকাৰ্যটো এতিয়া অনিয়ম সংঘটিত কৰিছে৷
তথ্য অনুসৰি গেলাপুখুৰী চাৰিআলিৰ পৰা প্লা’ম ৰিজৰ্ট সমীপলৈকে নিৰ্মীয়মাণ পথটো ধূলি ধোঁৱাই ধূলিময় পৰিৱেশ সৃষ্টি কৰি বিপন্ন কৰি তুলিছে জনজীৱন৷
পথ নিৰ্মাণকাৰী সংস্থাটোৱে নিয়ম অনুসৰি ব্লেক টেপিঙৰ কাম আৰম্ভ কৰা পূৰ্বে উন্মোক্ত শিলা বালিত দৈনিক পানী ছটিয়াই ধূলি নিয়ন্ত্ৰণ কৰিব লাগে কিন্তু নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে সকলো নীতিনিয়ম বিসৰ্জন দি পানী ছটিওৱাৰ পৰা বিৰত আছে৷
পানী নছটিওৱাৰ ফলত ধূলিময় পৰিৱেশ সৃষ্টি হৈ এক অভাৱবনীয় পৰিস্থিতি উদ্ভৱ হৈছে গেলাপুখুৰী বাইপাছৰ পৰা প্ৰায় তিনিকিলো মিটাৰ ব্যাসাৰ্দ্ধৰ পথছোৱা৷
পথৰ ওপৰত চলাচল কৰা যান বাহনৰ বাবে এতিয়া মূলপথৰ পৰা এককিলো মিটাৰ পৰ্যন্ত দূৰলৈ বতাহত বিয়পিছে ধূলিৰ আচ্ছাদন৷মানুহৰ ঘৰ বাৰী ৰান্ধনীঘৰ পৰ্যন্ত ধূলিৰে আগুৰি ধৰি এক অভাৱবীয় পৰিস্থিতি সৃষ্টি কৰি কৰিছে৷
সমগ্ৰ গেলাপুখুৰী অঞ্চলত এক হাহাকাৰ কৰিবলগীয়া হৈছে পথৰ দাঁতিকাষৰীয়া ৰাইজে৷ কেৱল মানুহৰ ঘৰ বাৰীতেই যে ধূলি সোমাইছে এনে নহয়৷
এই ধূলিয়ে বায়ু প্ৰদূষণ সৃষ্টি কৰি মানৱ শৰীৰলৈও ভাবুকি কঢ়িয়াই আনিছে৷পথ নিৰ্মাণকাৰী সংস্থাটো এই অনিয়ম দেখিও চকুমুদা কুলি ভাও লৈ হাত সাৱটি বহি আছে তিনিচুকীয়া জিলা প্ৰশাসন৷
ভুক্তভোগী স্থানীয় ৰাইজে অতিশীঘ্ৰেই পথত পানী ছটিয়াই পৰিৱেশ সুষ্ঠিৰ কৰিবলৈ দাবী জনাইছে জিলা প্ৰশাসনক৷এতিয়া তিনিচুকীয়া প্ৰশাসনে বিষয়টোৰ ওপৰত কিবা ব্যৱস্থা লবনে লক্ষ্যণীয় হব৷