Salman Khan সম্প্ৰতি ঈদ উপলক্ষে অনুৰাগীসকলক নতুন ছবি ‘ছিকন্দ’ উপহাৰ দিছিল বলিউডৰ মহাতাৰকা অভিনেতা ছলমান খানে ।
কিন্তু ইতিমধ্যে বক্স অফিচত ফ্লপ হ’ল ছলমান খানৰ ছিকন্দৰ। কাহিনী-চিত্রনাট্য অতি দুৰ্বল হোৱাৰ লগতে গতানুগতিক ধাৰাৰ ছবি হোৱা হেতুকে‘ ছিকন্দ’-এ দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰিলে।
শেহতীয়া ছবি বাণিজ্যিক দিশত ব্যর্থ হোৱাৰ পাছত নিজৰ কেৰিয়াৰ ৰক্ষা কৰিবলৈ এইবাৰ ভক্তৰ শৰণাপন্ন হ’ল ছলমান।
যোৱা পাঁচ এপ্ৰিলত নিজৰ এদল অনুৰাগীক সাক্ষাৎ কৰিছিল ছলমানে। অনুৰাগীসকলৰ স’তে ছলমানে তেওঁৰ শেহতীয়া কাম, কেৰিয়াৰৰ গতিবিধি আৰু পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে মুকলিকৈ আলোচনা কৰে।
দৰ্শকে কেনে ছবি চাব বিচাৰে বুলি প্ৰশ্ন কৰি ছলমানে তেওঁৰ অনুৰাগীৰ পৰা এই বিষয়ত দিহা-পৰামৰ্শও লোৱা দেখিবলৈ পোৱা যায়।
ইফালে অনুৰাগীৰ আগত অভিনেতাজনে কয় যে তেওঁ এনে ছবিত অভিনয় কৰিব বিচাৰে যি ছবিৰ চৰিত্ৰ তেওঁৰ ব্যক্তিত্বৰ স’তে খাপ খায় ৷