বাৰীৰ ঢাপৰ দুষ্প্ৰাপ্য কেতেকীজুপিৰ সুগন্ধই দিছে ব’হাগৰ বতৰা 

কলিয়াবৰত বসন্তৰ বতৰা লৈ ঢাপে ঢাপে ফুলিছে সুগন্ধি কেতেকী 

IMG 20250409 102752

Screwpine:‘দেউতাৰ পদুলীত গোন্ধাইছে মাধুৰী কেতেকী মলেমলায় ঐ গোবিন্দাই ৰাম…’ এনেদৰেই বিহু হুঁচৰিৰ লগতে গীত-কবিতাৰে শুৱনি হৈ ব’হাগৰ বতৰা লৈ এতিয়া কলিয়াবৰৰ ঠায়ে ঠায়ে ফুলিছে বসন্তৰ সম্ভাৰ কেতেকী ফুল৷ব্যস্ততাৰ সময়ত দিনেদিনে কমি আহিছে পৰম্পৰাৰ পয়োভৰ৷

ADVERTISEMENT

ব’হাগক লৈয়ো যেন খেয়ালী প্ৰকৃতিয়েও ক্ৰমাৎ সলাইছে পূৰ্বৰ ৰং৷ গ্ৰাম্য সমাজৰ গোহালিভৰা গৰুজাক কমি অহাৰ দৰেই ক্ৰমাৎ লুপ্ত হৈ পৰিছে বহু পৰম্পৰা৷

ইয়াৰ মাজতে আকৌ ব্যতিক্ৰমী ৰূপত ঠায়ে ঠায়ে যেন প্ৰকৃতিয়েও পাহৰা নাই নিজস্বতাক৷ কলিয়াবৰৰ ৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ শ-শ বছৰ গৰকা এজোপা কেতেকী ফুলে এতিয়া বসন্তৰ বতৰত দৃষ্টি কাঢ়িছে সকলোৰে৷

মানৰ আক্ৰমণৰ পূৰ্বেই সাজি উলিওৱা পুৰণি নামঘৰটোৰ ঠাইত নতুন নামঘৰে ঠাই ল’লেও নামঘৰত কাষৰ পুৰণিকলীয়া কেতেকীজোপাই যেন সোঁৱৰাই দিছে পুৰণি দিনৰ কথাবোৰ৷

কলিয়াবৰৰ বহু ঐতিহ্যবহনকাৰী সোনাৰিগাঁৱৰ মাজমজিয়াতে আছে এখন বৃহৎ কেতেকীৰ বাৰী৷ যি এতিয়া সমগ্ৰ অঞ্চলটোৰে সুগন্ধিৰ উৎস৷ দলিবাৰী গাঁৱৰ সীমাতেই আছে এজোপা সুগন্ধি কেতেকী৷

ৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ নামঘৰৰ পিৰালিতে বছৰ বছৰ ধৰি ফুলি ৰোৱা কেতেকীজোপাই বহু ঐতিহ্য বহন কৰাৰ কথা ৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ ডেকা সত্ৰীয়া বিষ্ণুপ্ৰসাদ মহন্তই প্ৰকাশ কৰাৰ লগতে ইয়াৰ ডাল এটা ভাঙিলেও স্বপ্নত কেতেকীয়ে দেখা দি সকিয়াই দিয়াৰ এক কথা যুগেযুগে প্ৰচলিত হৈ আহিছে৷

কেতেকী ফুলক লৈ আছে বহু প্ৰবাদ, সাধুকথা কাহিনী৷ এক প্ৰবাদ অনুসৰি, এদিনাখন মহাদেৱ শিৱৰ আদি আৰু অন্তৰ সীমা নিৰ্ধাৰণৰ বাবে ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত বিবাদ হয়৷

এই সীমা নিৰ্ণয়ৰ বাবে ব্ৰহ্মা ওপৰ দিশলৈ আৰু বিষ্ণু তলৰ দিশলৈ যাত্ৰা কৰে৷ বহু সময় যাত্ৰাৰ অন্তত কৰাৰ পিছত শিৱ লিংগৰ একো উৱাদিহ নাপাই ৷

ইয়াৰ মাজতে ব্ৰহ্মাই সুগন্ধি লৈ ফুলি থমৰোৱা কেতেকী ফুলক লগ পাই ইয়াৰ বাবে সহায় বিচাৰিলে৷ কেতেকীয়ে নিজৰ নাম বঢ়াবৰ বাবেই অতিৰঞ্জিতকৈ শিৱৰ শিৰত কেতেকীৰ স্থিতি বুলি দেৱসমাজক মহাদেৱক ক’বলৈ ক’লে৷

এই কথাত ক্ৰোধান্বিত হৈ আদিদেৱ মহাদেৱে কেতেকীয়ে এনে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবেই অভিশাপ দিলে যে কেতেকী কোনোদিনে পূজা অৰ্চনাত ব্যৱহৃত হ’ব নোৱাৰিব৷

বহু কাকূতিমিনতিৰ অন্তত ভগৱান বিষ্ণুৰ অনুৰোধত কেতেকী ফুলক কেৱল মহাশিৱৰাত্ৰীত শিৰত ধাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে যদিও ইয়াৰ পিছতো কিন্তু সৰগীয় কাননত স্থান নেপালে কেতেকীয়ে৷ এয়া এক প্ৰবাদ৷

কেতেকী ফুলৰ গছৰ আশেপাশে ফেটিসাপে বাঁহ লয় বোলা কথাটোও এক কল্পকাহিনী বুলিয়েই বিভিন্নজনে প্ৰকাশ কৰি আহিছে৷ কেতেকীৰ গোন্ধত ফেটীসাপ আহাৰ কথাটো গ্ৰহণযোগ্য নোহোৱাৰ অন্তৰালৰ কথাটো হৈছে সাপৰ কোনো ঘ্ৰাণশক্তি নাই৷

তেনেস্থলত কেতেকী ফুলৰ গোন্ধত সাপ অহাটো এক কল্পকাহিনীহে মাত্ৰ৷ অৱশ্যে কেতেকী ফুলৰ গছৰ যথেষ্ট পৰিমাণৰ গেজেপনি মৰা হাবি হোৱাৰ বাবে সেই স্থানত সাপে বাঁহ লোৱাৰ কথাটো নুই কৰাব নোৱাৰি৷ হালধীয়া বৰণৰ ঠোৰমেলা কেতেকী ফুল সঁচাকৈয়ে এক সৌন্দৰ্যৰ আকৰ৷

Exit mobile version