বিহুৱতী নাচনিৰ প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী বৰহমথুৰি

গহপুৰৰ গছ বিহুৰ বাকৰিত ফুলিছে বৰহমথুৰিৰ ফুল

IMG 20250409 102048

Lipstick Champa:অতিজৰ দিনত বিহু নাচিবলৈ ওলোৱা বিহুৱতী নাচনি সকলৰ প্ৰসাধনৰ অতি প্ৰয়োজনীয় সামগ্ৰী আছিল বৰহমথুৰি। সেই সময়ত বিহুৱতী নাচনি সকলে নিজৰ গাল আৰু ওঠৰ প্ৰসাধনৰ বাবে বৰহমথুৰি ব্যৱহাৰ কৰিছিল।

ADVERTISEMENT

এক কথাত ক’বলৈ গ’লে গাল দুখনৰ লগতে ওঠ দুটিৰ সৌন্দৰ্য বৰ্ধন কৰিবলৈ প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা এক প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী আছিল বৰহমথুৰি।

উল্লেখ্য যে বৰহমথুৰিক ইংৰাজী ভাষাত লিপষ্টিক চম্পা নামেৰে জনা যায়। যুগৰ পৰিবৰ্তনৰ লগে লগে বৰহমথুৰিৰ ব্যৱহাৰ কমি অহাৰ সামন্তৰালভাবে প্ৰকৃতিৰ বুকুৰ পৰাও ক্ৰমান্বয়ে বৰহমথুৰি গছ হেৰাই যোৱাৰ দৰে হ’ল।

বৰ্তমান সময়ত বৰহমথুৰিৰ স্থান ললে বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীৰ লগতে নামী দামী লিপষ্টিকে। অতিজৰ বহু সংখ্যক বিহুনামত বৰহমথুৰিৰ কথা উল্লেখ আছে যদিও বৰ্তমান প্ৰজন্মৰ অধিকাংশ বিহুৱতী নাচনিয়ে প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী স্বৰূপ বৰহমথুৰি দেখা পোৱা নাই অথবা চিনি নাপায়।

অসমৰ অন্যতম প্ৰকৃতি সংগঠন ‘আমাৰ বনানী’ৰ গহপুৰৰ ডুবিয়া বড়িগাঁও স্থিত গছ বিহুৰ বাকৰিত দেখিবলৈ পোৱা যাব অতিজৰ দিনত বিহুৱতী নাচনি সকলে ব্যৱহাৰ কৰা প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী বৰহমথুৰিৰ এজোপা গছ।

‘আমাৰ বনানী’ৰ সঞ্চালক তথা বৃক্ষ মানৱ বকুল গগৈয়ে অতি সযতনে গছ বিহুৰ বাকৰিত সংৰক্ষণ কৰি ৰাখিছে প্ৰকৃতিয়ে প্ৰদান কৰা এক প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী বৰহমথুৰিৰ গছ জোপা।

ভৱিষ্যত প্ৰজন্মক বৰহমথুৰিৰ লগত পৰিচয় কৰি দিয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলে বৰহমথুৰিৰ বিষয়ে গৱেষণা কৰাৰ সুবিধা লাভ কৰা উদ্দেশ্যৰে প্ৰকৃতিপ্ৰেমী যুৱক বকুল গগৈয়ে বৰহমথুৰি গছ জোপা অতি সজতনে ৰাখিছে বুলি জানিব দিয়ে।

Exit mobile version