Traffic গুৱাহাটীৰ খানাপাৰা যোৰাবাট সংযোগী পথছোৱাত বিগত চাৰি পাঁচদিন ধৰি হোৱা তীব্ৰ যানজটৰ ফলত বিশেষকৈ গুৱাহাটী অভিমুখী যাত্ৰীসকলে অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
প্ৰায় চাৰি কিলোমিটাৰৰ এই পথচোৱা অতিক্ৰম কৰিবলৈ দুইৰ পৰা চাৰি ঘণ্টা আৰু কেতিয়াবা ততোধিক অধিক সময়ৰ প্ৰয়োজন হৈ পৰে।
বহুদিন ধৰি বন্ধ হৈ থকাৰ পাছত খনাপাৰাত পথ মেৰামতিৰ কাম পুনৰ আৰম্ভ হয় যদিও অতি লেহেমীয়া গতিত এই কাম চলি থকাৰ বাবেই এনে অভাৱনীয় যানজটৰ সৃষ্টি হৈছে।
পূৰ্ণ গতিত কাম চলি থকাৰ সময়ত এনে যানজটৰ সৃষ্টি হোৱা নাছিল। বিগত কিছুদিন ধৰি দিনে- নিশাই একেই পৰিস্থিতি অব্যাহত থকাৰ পাছত মংগলবাৰেও গোটেই নিশা যাত্ৰীসকলে এই পথটোৰে যাতায়তৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হোৱাৰ পাছত আজি পুৱাৰ পৰাও এই একে পৰিস্থিতিৰ সৃষ্টি হয়।
এনে অস্বাভাৱিক যানজটৰ ফলত ছাত্ৰ-ছাত্ৰী, চৰকাৰী-বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ উপৰিও ৰেল-বিমান আদিৰ যাত্ৰী সময়মতে কৰ্মক্ষেত্ৰ, ষ্টেচন অথবা বিমানবন্দৰত উপস্থিত হ’ব নোৱাৰাত অভাৱনীয় বিপদৰ সন্মুখীন হবলগীয়া হৈছে।
ইয়াৰ পাছতে আজি যোৰাবাট-খানাপাৰাৰ যানজঁটক লৈ ট্ৰেফিক DCPৰ সংবাদমেল।
বিগত কিছুদিন দিন ধৰি ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে যোৰাবাট-খানাপাৰাত সৃষ্টি হোৱা যানজঁটক নিৰ্মূল কৰাৰ বাবে তৎপৰ হৈছে আৰক্ষীৰ প্ৰশাসন।
এই যানজঁটৰ পৰা সকাহ দিয়াৰ বাবে বিকল্প পথ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।
গুৱাহাটী অভিমুখে উজনি অসমৰ পৰা বাণিজ্যিক বাহনসমূহ কলিয়াবৰ তিনিআলি হৈ শোণিতপুৰ-দৰং বাইহাটা চাৰিআলি হৈ গুৱাহাটীলৈ অহাৰ নিৰ্দেশনা।
নগাঁও-মৰিগাঁও আৰু মেঘালয় দিশৰ পৰা পৰা আহিব লগা বাণিজ্যিক বাহনসমূহ ঠায়ে-ঠায়ে ৰখাই দিয়াৰ সিদ্ধান্ত যানবাহন আৰক্ষীৰ।
ইফালে নিশা ১০ বজাৰ পৰা পুৱা ছয় বজাৰ ভিতৰত উক্ত দিশৰ পৰা অহা বাণিজ্যিক বাহন সমূহ গুৱাহাটীত প্ৰৱেশ কৰিব পাৰিব। নামনি অসমৰ পৰা যাব লগা যান-বাহনসমূহৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব।
আনহাতে ব্যক্তিগত সৰু বাহনৰ ক্ষেত্ৰত উজনি অসমৰ পৰা আহিব লগা বাহনসমূহ ডিগাৰু পইণ্টৰ পৰা ডিগাৰু তিনিআলি হৈ আমছাং আৰ্মি কেম্প পাথৰকুঁৱেৰী হৈ গুৱাহাটীলৈ অহাৰ নিৰ্দেশনা।
ইয়াৰোপৰি উজনি অসমৰ পৰা আহিব লগা বাহনসমূহ চামতা মায়ং চন্দ্ৰপুৰ পানীখাইতি নাৰেংগী হৈ আহিবলৈ আহ্বান।