এছবিআইৰ এটিএম ব্যৱহাৰৰ নিয়ম হ’ল সলনি 

images 6

SBI: দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ই এটিএম ব্যৱহাৰৰ মাচুল আৰু বিনামূলীয়া এটিএম ব্যৱহাৰৰ সীমা সলনি কৰিলে। ডিজিটেল বেংকিঙক উৎসাহিত কৰিবলৈ এছবিআয়ে এই পদক্ষেপ গ্ৰহণ কৰিলে।

ADVERTISEMENT

এতিয়াৰে পৰা এছবিআয়ে বেংক একাউণ্টত এক লাখ টকাৰ বেলেঞ্চ ৰখা গ্ৰাহকক অসীমিত বিনামূলীয়া এটিএম লেনদেনৰ সুবিধা দিব। আনহাতে, মাহে গড়ে ২৫,০০০ৰ পৰা ৫০,০০০ টকাৰ বেলেঞ্চ ৰখা গ্ৰাহকক আন বেংকৰ এটিএমত পাঁচবাৰ বিনামূলীয়া লেনদেনৰ সুবিধা দিয়া হ’ব।

সকলো মহানগৰ আৰু চহৰৰ গ্ৰাহকে এতিয়াৰে পৰা প্ৰতি মাহে এছবিআইৰ এটিএমৰ পৰা পাঁচটা বিনামূলীয়া লেনদেন আৰু আন বেংকৰ এটিএমৰ পৰা ১০ টা বিনামূলীয়া লেনদেনৰ সুবিধা লাভ কৰিব।

বিনামূলীয়া মাহিলি এটিএম লেনদেনৰ সীমা পাৰ হোৱাৰ পাছত ১৫ টকা মাচুল আৰু জিএছটি গ্ৰাহকে প্রতি লেনদেনত ভৰিব লাগিব। আন বেংকত মাহিলি এটিএম লেনদেনৰ সীমা অতিক্ৰম কৰাৰ পাছত প্ৰতি লেনদেনত ২১ টকা আৰু জিএছটি মাচুল হিচাপে আদায় দিব লাগিব ।

Exit mobile version