BTC:সমাগত বিটিছি পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ হৈছে সকলো ৰাজনৈতিক দল ।এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলও ।
দলীয় কৰ্মী সকলোৰ মনোবল অধিক শক্তিশালী কৰিবলৈ বিটিছিৰ আঠ নং দোতমা পৰিষদীয় সমষ্টিৰ সেৰফানহগুৰীৰ নেপালপাৰাত বিপিএফ দলে দোতমা ব্লক পৰ্য্যায়ৰ এক কৰ্মী সভা অনুষ্ঠিত কৰে ।
উক্ত কৰ্মী সভাত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে,শ্ৰী ৰামপুৰৰ পৰা মাজবাটলৈকে বিপিএফ দলৰ দখল ভাল ।
অহা পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই । ইউপিপিএল দল অহা নিৰ্বাচনত এখনো আসন নাপায় বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ । উক্ত কৰ্মী সভাতেই কেবাশতাধিক ইউপিপিএল বিজেপি আদি দল ত্যাগ কৰি বিপিএফত যোগদান কৰে ।
উক্ত সভাত হাগ্ৰামা মহিলাৰীৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰী আদি উপস্থিত থাকে । ইপিনে সভাত উপস্থিত থাকি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োক ক্ষুৰধাৰ সমালোচনা কৰে ।