শুল্কক লৈ আলোচনাৰ বাবে দুৱাৰ মুকলি , কিন্তু ‘ব্ল্যাকমেল’ কৰি লাভ নেই, আমেৰিকাক জনালে চীনে

1744280634 trump

Donald Trump Tariff War : শুল্কৰ বিষয়ক লৈ আমেৰিকাই আলোচনা কৰিব বিচাৰিলে “দুৱাৰ খোলা আছে।” কিন্তু চীনে ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ চাপৰ সন্মুখীন নহয়। আজি এই কথা স্পষ্ট কৰে চীনৰ বাণিজ্য মন্ত্ৰালয়ৰ এজন মুখপাত্ৰ হে য়ংকিয়ানে ।

ADVERTISEMENT

তেওঁ কয়,”যদি আমেৰিকাই কথা পাতিব বিচাৰে, আমাৰ দুৱাৰ খোলা আছে। কিন্তু সেই আলোচনা পাৰস্পৰিক সন্মান আৰু সমতাৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। ”

একে সময়তে তেওঁ সামান্য সতৰ্কবাণীমূলক সুৰত কয়, “হেচা, ভাবুকি বা ব্লেকমেইলৰ জৰিয়তে চীনৰ স’তে বুজাবুজিত উপনীত হ’ব নোৱাৰি।”

যদিও ট্ৰাম্পে বাকী দেশসমূহক ৯০ দিনৰ বাবে ৰেহাই দিছিল, তথাপিও তেওঁ চীনক “পাৰস্পৰিক শুল্ক”ৰ ওপৰত ৰেহাই প্ৰদান কৰা নাছিল। বৰঞ্চ তেওঁ চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰু অধিক বৃদ্ধি কৰিছে। চীনৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই।

ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, বেইজিঙে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামগ্ৰীৰ ওপৰত শুল্ক অতিৰিক্ত ৫০ শতাংশ বৃদ্ধি কৰি মুঠ ৮৪ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ আগতে, বেইজিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লয়।

ট্ৰাম্পে শুল্ক যুদ্ধৰ ওপৰত চীনৰ কঠোৰ স্থিতি আৰু ইয়াৰ পৰিণামৰ উদাহৰণ দি বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে।

আন দেশসমূহক সতৰ্ক কৰাৰ উপৰিও, তেওঁ ভৱিষ্যতে শুল্ক ৰেহাইৰ ক্ষেত্ৰত আপোচ কৰাৰ বাৰ্তাপ্ৰদান কৰিছে।

Exit mobile version