Bihar: বাৰিষা অহাৰ পূৰ্বেই বিহাৰত ধুমুহাই ধাৰণ কৰিছে বিধ্বংসী ৰূপ । বিগত ৪৮ ঘণ্টাত, বিভিন্ন জিলাত সঘনাই হোৱা বজ্ৰপাতৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে।
বজ্ৰপাতৰ লগতে প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টিয়ে শস্যৰ ক্ষতিসাধন কৰাৰ লগতে স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মাইছে।
শিলাবৃষ্টি আৰু প্ৰচণ্ড বতাহে কেবাখনো জিলাত ৰবি শস্যৰ ক্ষতিসাধন কৰিছে। তথ্য অনুসৰি,দৰভংগা, সমস্তীপুৰ, মধুবনী, মুজাফ্ফৰপুৰ, সীতামাৰী, শিভাৰ আৰু পূৱ চম্পাৰণত ঘেঁহু, আম আৰু লিচুৰ ব্যাপক ক্ষতি হৈছে। বিপদত পৰিছে স্থানীয় কৃষক। তেওঁলোকে জানিবলৈ দিয়া মতে, কিছুসপ্তাহৰ ভিতৰতে তেওঁলোকৰ খেতি চপোৱাৰ কথা আছিল।
ইফালে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। শস্যৰ ক্ষতিৰ মূল্যায়ন আৰম্ভ কৰিছে জিলা প্ৰশাসনে।
প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কৃষকক চৰকাৰে সহায় হাত আবঢ়াইছে। ইফালে বতৰ বিজ্ঞান বিভাগে জনাইছে যে বিহাৰত ১২ এপ্ৰিললৈকে এই দুৰ্যোগ অব্যাহত থাকিব।