জু-ৰোডৰ বাসিন্দালৈ ভাবুকি কঢ়িয়াই নিৰ্মাণ কৰা হৈছে সুউচ্চ অট্টালিকা 

full

Zoo Road: মহানগৰীৰ জু-ৰোড তিনিআলিস্থিত বৃন্দাবন গার্ডেনৰ পৰিচয় শীঘ্ৰে সলনি হ’ব। বৃন্দাবন গার্ডেনৰ সংশ্লিষ্ট স্থানত সম্প্রতি এটা সুউচ্চ অট্টালিকাৰ নির্মাণ কার্য অব্যাহত আছে।

ADVERTISEMENT

ৰামেশ্বৰ তালুকদাৰৰ নামত থকা এই ভূমিত পৰা ১০ মহলীয়া হোটেল নিৰ্মাণ কৰি থকা বুলি স্থানীয় লোকে অভিযোগ কৰিছে; কিন্তু এই অট্টালিকাৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ দিন ধৰি অঞ্চলটো বিস্তৰ ক্ষতি হ’বলৈ আৰম্ভ হৈছিল।

যাৰ ফলত শংকিত হৈ পৰা অঞ্চলবাসীয়ে কালি এই নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে।উল্লেখ্য যে অঞ্চলটোৰ কে’বাজনো ভুক্তভোগী জ্যেষ্ঠ নাগৰিক তথা জু-নাৰেংগী ব্যৱসায়ী সন্থাৰ সভাপতি দ্বিজেন ভট্টাচাৰ্য, ৰঞ্জিত কুমাৰ বৰদলৈ, অনিল বৰা, উমা শৰ্মা আৰু প্ৰাক্তন সাংসদ কিৰিপ চলিহাই এক সংবাদমেল সম্বোধন কৰি এই অঞ্চলত ১০ মহলীয়া এটা অট্টালিকা নিৰ্মাণ কৰিবলৈ কোনে অনুমতি দিলে বুলি প্ৰশ্ন কৰে।

তেওঁলোকে কয়, ‘বৃন্দাবন গার্ডেনত ভূ-গৰ্ভত দুমহল আৰু মাটিৰ ওপৰত আঠ মহলীয়া এখন হোটেলৰ নিৰ্মাণ কাৰ্য যোৱা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। যাৰ ফলত তেওঁলোকে সম্প্ৰতি মাটিৰ তলত নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে।

এই ক্ষেত্ৰত তেওঁলোকে অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰিছে, যি যন্ত্ৰই সমগ্ৰ অঞ্চলটোত কম্পন সৃষ্টি কৰাৰ লগতে ১২-১৪ ঘণ্টা ধৰি শব্দ প্ৰদূষণ সৃষ্টি কৰি আহিছে।

এই কম্পন ইমানে ভয়াৱহ যে সমীপৰ বিশেষকৈ পিনাকী আৰু পদ্ম উপপথৰ বহুকেইটা ঘৰত ফাট মেলাৰ লগতে বিস্তৰ ক্ষতি হৈছে।’ পুৱা পাঁচ-ছয় বজাৰ পৰা নিশা এক-দুই বজালৈ চলা এই নির্মাণ কাৰ্যই অঞ্চলটোৰ জনতাক একপ্ৰকাৰ টোপনি যাবলৈ দিয়া নাই বুলি তেওঁলোকে উল্লেখ কৰি বহুকেইটা ঘৰৰ ওপৰত থকা পানীৰ টেংকিকে ধৰি অনান্য সামগ্ৰী কম্পনৰ ফলত তললৈ পৰি নষ্ট হৈ গৈছে বুলি কয়।

তেওঁলোকে কয়, ‘এই সন্দৰ্ভত জিলা আয়ুক্তক অভিযোগ দিয়া হৈছিল। ইয়াৰ পাছতে বিষয়টোৰ সন্দৰ্ভত জিএমডিএক অভিযোগ দিয়া হ’ল; কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে। যেতিয়া এই নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে জনতা কিছু সক্ৰিয় হৈছিল, সেই সময়ত চাৰিওদিশে প্ৰচাৰ কৰা হ’ল যে এয়া ৰিণিকী শৰ্মাই নিৰ্মাণ কাৰ্য চলাইছে। ফলত বহুত মানুহ ওলাই আহিবলৈ ভয় কৰিল; কিন্তু বিষয়টো অধিক গভীৰ হৈ গৈয়ে আছে। অঞ্চলটোৰ চাৰিওদিশে থকা ঘৰসমূহ একপ্ৰকাৰ লৰি গৈছে, কে’বাটাও ঘৰত ফাট মেলিছে। দিন-ৰাতি একাকাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱা বিকট শব্দই অঞ্চলটোৰ ৰাইজক অতিস্ত কৰি তুলিছে।’

উল্লেখ্য যে বৃন্দাবন গার্ডেনৰ মাটিডোখৰ ৰামেশ্বৰ তালুকদাৰ নামৰ লোকজনৰ ব্যক্তিগত সম্পত্তি।

সমান্তৰালভাৱে ভূ-কম্পনৰ অতি স্পৰ্শকাতৰ অঞ্চলটোত পাঁচ-ছয় মহলৰ ওপৰত অট্টালিকা নিৰ্মাণৰ অনুমতি নাই বুলি জ্যেষ্ঠ নাগৰিককেইজনে মন্তব্য কৰি এই অট্টালিকাটো নিৰ্মাণৰ অনুমতি কিদৰে পালে বুলি প্ৰশ্ন কৰে।

তেওঁলোকে কয়,‘এটা অট্টালিকা নিৰ্মাণ কৰিবলৈ হ’লে চাৰিও দিশত নিৰ্দিষ্ট পৰিমাণৰ মাটি খালীকৈ ৰাখিব লাগে। কিন্তু এই অট্টালিকাটো নিৰ্মাণত তেনে কোনো নীতি-নিময় নাই। একেবাৰে পথৰ গাতে লগাই ভূ-গৰ্ভৰ বহু তললৈ নিৰ্মাণ কাৰ্য চলোৱা হৈছে।সম্প্রতি অঞ্চলটোত থকা ঘৰসমূহতকৈ অতি গভীৰলৈ নিৰ্মাণ কাৰ্য চলোৱাত অনান্য ঘৰসমূহৰ ভৱিষ্যতক লৈ শংকা নামি আহিছে।’

উল্লেখ্য যে অকণমান ইফাল-সিফাল হ’লে ঘৰ ভাঙিবলৈ দৌৰি অহা গুৱাহাটী পৌৰ নিগম আজি ক’ত বুলি অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিককেইজনে প্রশ্ন কৰে। প্ৰাক্তন সাংসদ চলিহাই কয়, ‘এই মাটিৰ গৰাকী তালুকদাৰক মাটিৰ দালাল বুলি গ্ৰেপ্তাৰ কৰিছিল আৰু জেললৈ গৈছিল। হঠাৎ তেওঁক ইমান ডাঙৰ অট্টালিকা বনাবলৈ কোনে অনুমতি দিলে। মুখ্যমন্ত্রী বা কোনো মন্ত্ৰীৰ যদি সন্মতি বা আশীর্বাদ নাথাকে ইমান বৃহৎ অঞ্চলৰ জনতাক ক্ষতি কৰি কোনোও এইদৰে অট্টালিকা সাজিব নোৱাৰে।’

উল্লেখ্য যে এই বিষয়টোত শীঘ্ৰে গুৰুত্ব প্ৰদান কৰি স্থানীয় ৰাইজক সকাহ দিবলৈ চৰকাৰক আহ জনাইছে জ্যেষ্ঠ নাগৰিককেইজনে ।

Exit mobile version