তীব্র ভূমিকম্পত কঁপি উঠিল পাকিস্তান,

ৰেহাই নাপালে জম্মু আৰু কাশ্মীৰে

images 1 2

Earthquake: এক বৃহৎ ভূমিকম্পই কঁপাই গ’ল ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান।শনিবাৰে দুপৰীয়া প্ৰায় এক বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ ফলত চুবুৰীয়া দেশসমূহত ব্যাপক আতংকৰ সৃষ্টি হয়।

ADVERTISEMENT

পাকিস্তানৰ লগতে জম্মু আৰু কাশ্মীৰতো ভূমিকম্পৰ কম্পন অনুভৱ হয়। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৫.৮ ।

তথ্য অনুসৰি এই পৰ্যন্ত ভূমিকম্পৰ বাবে কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই। কিন্তু পাকিস্তানকে ধৰি জম্মু-কাশ্মীৰৰ বিশাল উপত্যকাত ব্যাপকভাৱে কম্পন অনুভৱ কৰা হয়।

নেচনেল চেণ্টাৰ ফৰ ছিজম’লজী (এনচিএছ)ৰ তথ্য অনুসৰি এই ভূমিকম্পৰ ফলত একাধিক আফটাৰশ্বক হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version