Russia-Ukraine War:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমৰ্থন প্ৰত্যাহাৰ কৰিলেও ইউক্ৰেইনক সামৰিক সাহায্য প্ৰদান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই ইউৰোপে।
শুকুৰবাৰে নিশা ‘ইউক্ৰেইন ডিফেন্স কন্টাক্ট গ্ৰুপ’ৰ এখন সন্মিলনত ঘোষণা কৰা হয় যে ৰাছিয়াৰ আগ্ৰাসনক ৰোধ কৰিবলৈ ইউক্ৰেইনক ২.১ বিলিয়ন ইউৰো (প্ৰায় ২৪ কোটি ডলাৰ বা দুই লাখ ছয় হেজাৰ কোটি টাকা) মূল্যৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি প্ৰদান কৰা হ’ব।
২০২২ চনত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ আৰম্ভ হোৱাৰ পাছত ভলোডিমিৰ জেলেনস্কিৰ চৰকাৰক সামৰিক সহায় আগবঢ়োৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত প্ৰায় ৫০ খন দেশৰ দ্বাৰা এই গোটটো গঠিত হৈছিল।
ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পদত্যাগ কৰাৰ পাছত ব্ৰিটেইনে ‘ইউক্ৰেইন ডিফেন্স কন্টাক্ট গ্ৰুপ’ৰ নেতৃত্ব গ্ৰহণ কৰে। শুকুৰবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰী জন হিলীয়ে কয়,মিত্ৰজোঁটৰ সদস্য দেশসমূহে ইউক্ৰেইনক ২১ বিলিয়ন ইউৰো সামৰিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।’ ইউক্ৰেইনৰ বাবে ধন সংগ্ৰহৰ ক্ষেত্ৰত এয়া এক নতুন অভিলেখ। ইয়াৰে ব্ৰিটেইনে এই বছৰ চাৰি বিলিয়ন ইউৰোতকৈও অধিক (প্ৰায় ৪৪ হেজাৰ কোটি টকা) সামৰিক সাহায্য প্ৰদান কৰিব। যিটো এতিয়ালৈকে সৰ্বাধিক।
পশ্চিম ইউৰোপৰ বেছিভাগ দেশেই যোৱা তিনি বছৰ ধৰি ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে ইউক্ৰেইনক ধাৰাবাহিকভাৱে সামৰিক সহায় আগবঢ়াই আহিছে।
জেলেনস্কিৰ বাকযুদ্ধ আৰু অ’ভেল অফিচত ট্ৰাম্পৰ সৈতে হোৱা বৈঠক ভাঙি পৰাৰ পাছত ২৮ ফেব্ৰুৱাৰীত হোৱাইট হাউছে সামৰিক সাহায্য প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, ইয়াৰ পাছতহে ইউৰোপে ইউক্ৰেইনক দিয়া সাহায্য ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিল।
মাৰ্চৰ আৰম্ভণিতে হোৱা বৈঠকৰ পাছত, ইউৰোপীয় ইউনিয়নৰ ২৭ খন সদস্য ৰাষ্ট্ৰই এক যৌথ ঘোষণা জাৰী কৰে। ইয়াত কোৱা হৈছে যে ইউৰোপীয় ইউনিয়নৰ সদস্যসকলে ইউৰোপীয় নিৰাপত্তা শক্তিশালী কৰিবলৈ সামূহিকভাৱে ১৫ হেজাৰ কোটি ইউৰো (প্ৰায় ১৪ লাখ ১৫ হেজাৰ কোটি টকা) ঋণ ল’ব।
ইয়াৰ এটা বৃহৎ অংশ ইউক্ৰেইনলৈ সামৰিক সাহায্যৰ বাবে ব্যয় কৰা হ’ব। এইবাৰ এক নিৰ্দিষ্ট কাৰ্যসূচী ঘোষণা কৰা হৈছে।শুকুৰবাৰৰ বৈঠকত উপস্থিত থকা নাটোৰ মহাসচিব মাৰ্ক ৰুটেও ইউক্ৰেইনক সামৰিক সাহায্য অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।