১৬ বছৰ ধৰি মাত-বোল নাছিল

অৱশেষত শ্বাহৰুখৰ স'তে যুটি বান্ধিব ছানী দেউলে

images 4 2

Bollywood: বর্তমান ‘জাট’ ছবিখনৰ প্ৰচাৰত ব্যস্ত ছানী দেউল। বলিউদত তেওঁ বহু বছৰ কটালে। এতিয়াও চলচ্চিত্ৰ জগতৰ বিভিন্ন আংগিকৰ প্ৰতি সচেতন। তেওঁ মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে।

ADVERTISEMENT

এইবাৰ যেতিয়া শ্বাহৰুখ খানৰ বিষয় উত্থাপন হ’ল, তেতিয়া মন খুলি নিজৰ কথা ক’লে ধর্মেন্দ্ৰৰ পুত্ৰই । ১৯৯৩ যশ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত ‘ডৰ’ ছবিখন ছানী আৰু জুহি চাওলাৰ উপৰি শ্বাহৰুখে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ছবিত যদিও শ্বাহৰুখৰ চৰিত্ৰটো নেতিবাচক আছিল, তথাপি দর্শকে তেওঁক অধিক পছন্দ কৰিছিল। অৱশ্যে ছানীকো দৰ্শকে পছন্দ কৰিছিল। যদিও শ্বাহৰুখ আৰু ছানীক আৰু কেতিয়াও একেলগে ছবিত দেখা নগ’ল।

অহা কেইমাহমানৰ ভিতৰত মুক্তিৰ বাবে অপেক্ষা কৰি আছে ছানীৰ কে’বাখনো ছবিয়ে। ‘লাহোৰ ১৯৪৭’ আৰু ‘ৰামায়ণ’। ছানীয়ে কয় যে পর্দাত আন এজন ডাঙৰ তাৰকাৰ স’তে অভিনয় কৰাত তেওঁৰ কোনো সমস্যা নাই।

ছানীয়ে কয়, ‘মই শ্বাহৰুখৰ স’তে মাত্ৰ এখন ছবিতে অভিনয় কৰিছো। সুযোগ পালে পুনৰ কৰিব বিচাৰিম। কাৰণ তেতিয়াৰ সময় আছিল বেলেগ। এতিয়া সময় বহু সলনি হৈছে।’ কিন্তু ছানীয়ে শ্বাহৰুখৰ স’তে কাম কৰাৰ ক্ষেত্ৰতো উদ্বেগ প্রকাশ কৰিছে।

অভিনেতাজনে কয় যে ডাঙৰ পৰ্দাত ডাঙৰ ডাঙৰ তাৰকাক একেলগে দেখা দিয়া চিত্রনাট্য এতিয়া লিখা নহয় ৷ তেওঁ কয়, ‘আজিকালি পৰিচালকৰ ছবিৰ ওপৰত আগৰ দৰে নিয়ন্ত্ৰণ নাই।

তাৰ উপৰি এনে কোনো কাহিনী লিখা হোৱা নাই যাৰ ফলত দুজন অভিনেতা একেলগে থাকিব পাৰিব।’ ‘ড’ ছবিখনৰ শ্বুটিঙৰ সময়ত শ্বাহৰুখ আৰু ছানীৰ মাজত মতানৈক্য হোৱা বুলি উদ্যোগটোত শুনা যায়। ফলত পৰৱৰ্তী ১৬ বছৰলৈকে তেওঁলোকৰ মাজত কোনো কথা-বতৰাও বোলে হোৱা নাছিল।

গতিকে তেওঁলোকে কেতিয়াও আন কোনো ছবিত একেলগে অভিনয় কৰা নাছিল। যদিও দুয়োজন অভিনেতাই এই সন্দৰ্ভত কেতিয়াও ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাই। আনকি শ্বাহৰুখক ছানীৰ স’তে ‘গডৰ ২’ৰ সফলতা উদযাপনত দেখা গৈছিল।

Exit mobile version