গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰস্তাৱ আগবঢ়াইছে ইজৰাইলে

1743336736 hamas

Israel-Hamas Conflict: ইজৰাইলৰ পৰা আহিছে গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰস্তাৱ। স্বাধীনতা সমৰ্থক পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে মঙলবাৰে এই ঘোষণা কৰে।

ADVERTISEMENT

এই প্ৰস্তাৱ অনুসৰি যদি হামাছে ১০ ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়ে তেন্তে বিনিময়ত তেল আভিভে শ শ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। তদুপৰি, গাজাত ৪৫ দিনৰ বাবে বন্ধ কৰা হ’ব পৰৱৰ্তী আক্ৰমণ।

২০২৩ চনৰ সাত অক্টোবৰত হামাছৰ আক্ৰমণৰ পাছত ইজৰাইলৰ সেনাই গাজা আক্ৰমণ কৰে।

তেতিয়াৰ পৰা, দক্ষিণত খান ইউনুছৰ ওপৰত কেবাটাও আক্ৰমণ চলি আহিছে। এইবাৰ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ লক্ষ্য হৈছে গাজা ষ্ট্ৰিপৰ দক্ষিণ প্ৰান্তত ৰাফা।

ইতিমধ্যে পেলেষ্টাইনীসকলক এৰি যোৱাৰ ভাবুকি দিয়া হৈছে। এই পৰিস্থিতিত বহু সামৰিক আৰু কূটনৈতিক পৰ্যবেক্ষকে বিশ্বাস কৰে যে ইজৰাইলৰ চৰ্ত মানি লোৱাৰ বাহিৰে হামাছৰ হাতত কোনো বিকল্প নাই।

মঙলবাৰে হামাছৰ এজন জ্যেষ্ঠ সেনাধ্যক্ষই কয় যে তেওঁলোকে এই প্ৰস্তাৱ বিবেচনা কৰি আছে। তেওঁ দাবী কৰে যে ইজৰাইলৰ চৰ্ত অনুসৰি যুদ্ধবিৰতিৰ প্ৰথম দিনাই আমেৰিকান-ইজৰাইলৰ নাগৰিক ইডান আলেকজেণ্ডাৰক “আমেৰিকাৰ প্ৰতি বিশেষ সন্মানৰ বাবে” মুকলি কৰি দিয়া হ’ব।

ইয়াৰ পাছতে আৰু নটা ইজৰাইলী পণবন্দীক দুটা পৰ্যায়ত মুকলি কৰি দিয়া হ’ব। ইয়াৰ বিনিময়ত ২০২৩ চনৰ সাত অক্টোবৰৰ পৰা আজীৱন কাৰাদণ্ড ভুগি থকা ১২০ জন পেলেষ্টাইনী বন্দী আৰু ১১০০ৰো অধিক পেলেষ্টাইনীক বিনা অভিযোগত আটক কৰি ৰখা হ’ব পাৰে।

প্ৰসংগত,কাটাৰৰ মধ্যস্থতা আৰু আমেৰিকা আৰু ইজিপ্তৰ প্ৰচেষ্টাত ইজৰাইল চৰকাৰ আৰু হামাছে ১৫ জানুৱাৰীৰ নিশা যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

কিন্তু মাৰ্চৰ আৰম্ভণিতে ইজৰাইলৰ সেনাই একপক্ষীয়ভাৱে যুদ্ধবিৰতি ভংগ কৰি গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰে।

Exit mobile version