ৰোগীৰ সলনি ‘ভূল’ কৰি পিতৃক অস্ত্রোপচাৰ ! ক’ত? পঢ়ক সৱিশেষ

1744883330 ot

Rajasthan: দুৰ্ঘটনাত আহত এজন যুৱক। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। ডাক্তৰে তেওঁৰ অপাৰেচন কৰাৰ সিদ্ধান্ত ল’লে। কিন্তু অভিযোগ অনুসৰি আহত যুৱকজনৰ সলনি তেওঁৰ পিতৃৰ অস্ত্ৰোপচাৰ কৰিছিল চিকিৎসকে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে এইটো কেনেকৈ সম্ভৱ।এনে অভিযোগ ৰাজস্থানৰ কোটা মেডিকেল কলেজৰ বিৰুদ্ধে।

ADVERTISEMENT

যুৱকজনৰ নাম মনীষ। তেওঁ এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল। যেতিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়,তেওঁ পিতৃক ফোন কৰে।

মনীষে দাবী কৰে যে অস্ত্ৰোপচাৰৰ সময়ত তেওঁৰ পিতৃ অ’টিলৈকে তেওঁৰ স’তে আছিল। তেওঁক অ’টিৰ বাহিৰত অপেক্ষা কৰিবলৈ কোৱা হৈছিল। তাতেই তেওঁ অপেক্ষা কৰিছিল। মনীষে জনাইছে তেওঁৰ পিতৃ পক্ষাঘাতগ্ৰস্ত ।

মনীষে দাবী কৰিছিল যে তেওঁ পিছত তেওঁৰ দেউতাকৰ পৰা জানিব পাৰিছিল যে চিকিৎসকসকলে তেওঁক অ’টিৰ ভিতৰলৈ আহিবলৈ কৈছিল।

তাৰ পাছত পিতৃৰ একো মনত নাই বুলি তেওঁ দাবী কৰে । মনীষে জনাই যে তেওঁৰ পিতৃৰ শৰীৰত কটা চিহ্ন দেখি তেওঁৰ সন্দেহ সৃষ্টি হয়।

মনীষে অভিযোগ কৰিছিল যে তেওঁ চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিছিল যে তেওঁৰ দেউতাকৰ শৰীৰৰ কটা চিহ্নবোৰ ক’ৰ পৰা আহিছিল।

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সংগীতা চাক্সেনাই জনাই যে চিকিৎসালয়খনৰ অধীক্ষকক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মানুহজনৰ অস্ত্ৰোপচাৰ হৈছিল নে ইয়াৰ আঁৰত আন কোনো কাৰণ আছিল জানিবলৈ এখন তদন্ত সমিতি গঠন কৰা হৈছে। ইয়াৰ পাছতে এতিয়া চিকিৎসকসকলৰ ওপৰত অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে।

Exit mobile version