ৱেবছাইটতে উপলব্ধ হ’ব দিল্লী এইমছৰ খালী বিছনাৰ তথ্য

159478 1600x960126075 aiims delhi 1

AIIMS Delhi:দেশৰ সবাতোকৈ উন্নত চৰকাৰী চিকিৎসালয় হিচাপে পৰিচিত দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত ৰোগীৰ বাবে খালী থকা বিছনাৰ তথ্য এতিয়াৰে পৰা ৱেবছাইটত উপলব্ধ হ’ব।

ADVERTISEMENT

ৰোগীয়ে চিকিৎসালয়লৈ আহি চিকিৎসা গ্ৰহণৰ বাবে বিছনা আদিৰ তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন নহ’ব। ঘৰতে থাকি এইমছৰ ৱেবছাইটৰ মাধ্যমৰে চিকিৎসালয়খনত খালী থকা বিভিন্ন বিভাগৰ ৰোগীৰ বিছনাৰ তথ্যপাতি সংগ্ৰহ কৰিব পাৰিব।

এইমছে ৰোগীৰ সুবিধাৰ বাবে এক অনলাইন ডেছব’ৰ্ড আৰম্ভ কৰিলে। উপলব্ধ বিছনাৰ লগতে অপিডি, ইমার্জেন্সি, ছাৰ্জাৰি আৰু টেষ্টৰ বাবে ওৱেটিং বিষয়ক তথ্যপাতিও এই অনলাইন ডেছব’ৰ্ডত উপলব্ধ হ’ব।

বর্তমানে দিল্লী এইমছে অনলাইন ডেছব’ৰ্ড পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে আৰু আগন্তুক কিছুদিনৰ ভিতৰতে ইয়াক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব। ৰোগীয়ে ইনফ’.এইমছ.এডু ৱেবছাইটৰ জৰিয়তে অনলাইনত তথ্যপাতি আহৰণ কৰিব পাৰিব।

Exit mobile version