Kukke Subramanya Temple: ভক্তসকলে ‘সৰ্পদোষ’ ৰ পৰা মুক্তি পাবলৈ আহে দক্ষিণ কৰ্ণাটক জিলাৰ এই মন্দিৰলৈ । পৰিসংখ্যা অনুসৰি শ্ৰী কুকে সুব্ৰহমান্য মন্দিৰ ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ চহকী মন্দিৰ।
২০২৪-২৫ বিত্তীয় বৰ্ষত মন্দিৰৰ আয় ১৫৫.৯৫ কোটি টকা। বিগত বিত্তীয় বৰ্ষত মন্দিৰৰ আয় আছিল ১৪৬.০১ কোটি টকা ।
কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ সুদৃশ সুব্ৰহমান্য গাঁৱত অৱস্থিত এই কুকে সুব্ৰহমান্য মন্দিৰ। পশ্চিমঘাট পৰ্বতত কুমাৰধাৰা নদীৰ পাৰত সেই মন্দিৰটো ভাৰতীয় স্থাপত্য শৈলীত নিৰ্মাণ কৰা হৈছে।
এই মন্দিৰত সুব্ৰহমান্য অৰ্থাৎ কাৰ্তিকাক নাগ দেৱতা হিচাপে পূজা কৰা হয়। কোৱা হয় যে ভক্তসকলে ‘সাপৰ অভিশাপ’ৰ পৰা মুক্তি পাবলৈ ইয়ালৈ আহে। এই মন্দিৰত ‘সৰ্প সংস্কাৰ’, ‘নাগ প্ৰতিষ্ঠা’ৰ দৰে ৰীতি-নীতি পালন কৰা হয়। আৰু তাৰ বাবে প্ৰতিদিনে প্ৰায় হেজাৰ হেজাৰ ভক্তৰ সমাগম হয়।
মন্দিৰৰ দুৱাৰ পুৱা ছয় বজাৰ পৰা ১.৩০ বজালৈ আৰু আবেলি ৩.৩০ বজাৰ পৰা নিশা ন বজালৈ খোলা থাকে।
এই মন্দিৰটো ‘ডিপার্টমেন্ট অফ হিন্দু ৰিলিজিয়াছ ইনষ্টিটিউনছ এণ্ড চেৰিটেবল এনড’মেন্ট’-ৰ অধীনত আছে।
মন্দিৰ কৰ্তৃপক্ষৰ এক সূত্ৰই জনোৱা মতে, তালৈ অহা ভক্তসকলে কৰা আচাৰ-ব্যৱহাৰেই তেওঁলোকৰ উপাৰ্জনৰ মূল উৎস। মন্দিৰৰ বাৰ্ষিক ব্যয় হৈছে ৭৯.৮২ কোটি টকা।
কৰ্ণাটকৰ আটাইতকৈ চহকী মন্দিৰৰ তালিকাৰ শীৰ্ষত আছে শ্ৰী কুকে সুব্ৰহমান্য মন্দিৰ। দ্বিতীয় স্থান দখল কৰিছে চামৰাজনগৰ জিলাৰ মালে মহেশ্বৰ মন্দিৰে।
২০২৪-২৫ বিত্তীয় বৰ্ষত তেওঁলোকৰ আয় আছিল ৩১ কোটি টকা। তালিকাৰ তৃতীয় স্থানত আছে কলুৰৰ শ্ৰী মূকাম্বিকা মন্দিৰ। ২০২৪-২৫ বিত্তীয় বৰ্ষত তেওঁলোকৰ আয় আছিল ২০ কোটি টকা।