Singer: জাতীয় উৎসৱ ৰঙালী বিহুৰ মঞ্চকলৈ একাংশ উদণ্ড মানসিকতাৰ লোকেও জাতীয়তাবাদ, নৈতিকতাৰ শিক্ষা বিলাবলৈ লৈছে নেকি?
জাতীয়তাবাদৰ নামত বলপূৰ্বক আনৰ অধিকাৰো খৰ্ব কৰাৰ অপচেষ্টা চলাইছে নেকি একাংশ বিহু সমিতিৰে জড়িত লোকে? শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত অপ্রীতিকৰ ঘটনা সংঘটিত হয়।
ৰাজহুৱা স্থানতে অপদস্থ হ’বলগীয়া হয় একাংশ শিল্পী। যোৱা ১৬ এপ্ৰিলৰ নিশা পূব গুৱাহাটী বিহু মঞ্চত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী অপদস্থ হয় স্বয়ং বিহু সমিতিৰে উদণ্ড বিষয়ববীয়াৰ দ্বাৰা।
একেদৰে বজালীত ধনটি দাস নামৰ এজন শিল্পী অপদস্থ হ’বলগীয়া হয়। এনে অপ্রীতিকৰ ঘটনাৰ পূৰ্বে একাংশই সূচনা কৰে পোছাক বিতৰ্কৰ। এনে বিতর্কক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে।
আনহাতে,এনে অনাকাংক্ষিত ঘটনা সম্পর্কত প্রতিষ্ঠিত সংগীত শিল্পী দিগন্ত ভাৰতীয়ে ‘দৈনিক অগ্রদূত’ক কয়, ‘দুই-তিনিদিন ধুতি পিন্ধি আমি জাতি বচাব নোৱাৰো। ড্ৰেছ ক’ড (পোছাক বিধি) থাকিলে আগতীয়াকৈ জনাব লাগিব, অন্যথা শিল্পীৰ মনত দ্বিধা-সংকোচৰ সৃষ্টি হ’ব পাৰে।’
বিহু মঞ্চত অনুষ্ঠান পৰিবেশন কৰা গায়ক-গায়িকাই কেৱল জাতীয় সাজপাৰ পৰিধান কৰিলেই নহ’ব,বাদ্যযন্ত্ৰীসকলৰ বাবেও এনে নিয়ম থাকিব লাগিব বুলি তেওঁ কয়। ধুতি পিন্ধি,গামোচা ল’লেই নহ’ব মানুহৰ পৰিচয় মানৱীয় আচৰণৰ জৰিয়তেহে প্ৰকাশ পায় বুলিও তেওঁ মতপোষণ কৰে।
বিগত ৩০ বছৰৰো অধিক কাল সাংস্কৃতিক জগতলৈ অৱদান আগবঢ়াই অহা উজ্জ্বল ভাবমূৰ্তিৰ গৰাকী শিল্পীজনে লগতে কয়, ‘প্রথমে মানুহ হ’বলৈ শিকিব লাগিব। আচাৰ-আচৰণ মানুহৰ লেখীয়া হ’ব লাগিব। দয়া, মৰম, কৰুণা তথা শ্রদ্ধা আদি মানৱীয় গুণ থাকিব লাগিব। তাৰ পাছতহে আন কথা আহে।’
কলা-কুশলীসকল জাতিৰ সম্পদ বুলি উল্লেখ কৰি তেওঁ আৰু কয়, “শিল্পীসকলৰ প্ৰতি বিশেষ দায়বদ্ধতা থাকিব লাগিব । তেওঁলোক জাতিৰ সম্পদ। ক’ৰবাত বান্ধি দিয়া নিয়ম এশ শতাংশ মানিব নোৱাৰিলে নমনীয় সুৰত বুজাব লাগিব।’আচাৰ-আচৰণ ঠিক কৰিবলৈ হ’লে এজন ব্যক্তি সঁচা অৰ্থত শিক্ষিত হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ কয়, ‘মদ্যপান কৰি ধুতি পিন্ধি, গামোচা লৈ লাভ নাই। শালীন পোছাক পৰিধান কৰিলে দেশীয়ই হওক বা বিদেশী পোছাকেই হওক আচাৰ-আচৰণ ঠিক থাকিলে আপত্তি কৰিবলগীয়া একো নাথাকে। জাতীয়তাবাদক দোহাই মাতব্বৰগিৰী, গুণ্ডাগিৰী কৰিব নালাগে। এনে আচৰণে জাতিক ৰক্ষা নকৰে।’