Jammu Kashmir: জম্মু-কাশ্মীৰৰ ৰামবানত দেওবাৰে ধাৰাসাৰ বৰষুণৰ ফলত হঠাৎ ভূমিস্খলন সৃষ্টি হয়।আজি পুৱা ৰামবানৰ ধৰ্মকুণ্ড গাঁৱত আকস্মিক বানপানীত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন সন্ধানহীন। স্থানীয় প্ৰশাসনৰ মতে, বহুতো ঘৰ ক্ষতিগ্ৰস্ত হৈছে।
যোৱা দুদিন ধৰি জম্মু-কাশ্মীৰৰ একাংশ অঞ্চলত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হৈ আহিছে। প্ৰাকৃতিক দুৰ্যোগে বহু ক্ষেত্ৰত স্বাভাৱিক জনজীৱন ব্যাহত কৰি তুলিছে। বৰষুণৰ সমান্তৰালকৈ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে। ইতিমধ্যে স্থানীয় প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা বাসিন্দাসকলক উলিয়াই অনাৰ ব্যৱস্থা কৰিছে।
চন্দ্ৰভাগ নদীৰ জলপৃষ্ঠ আতংকজনকভাৱে বৃদ্ধি পাইছে। ফলত নিম্নভূমি অঞ্চলত বানপানীৰ আশংকা।
স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি দেওবাৰে পুৱা বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে। ধৰ্মকুণ্ড গাঁৱৰ এটা খালৰ জলপৃষ্ঠই বিপজ্জনক মাত্ৰাত উপনীত হৈছে। হঠাতে সমগ্ৰ অঞ্চলত বানপানীৰ সৃষ্টি হয় । তাৰ পাছতে গাওঁবাসীৰ মাজত আতংক বিয়পি পৰে।
বহুতে নিজৰ ঘৰ এৰি উচ্চ স্থানত আশ্ৰয় লয়। প্ৰশাসনৰ মতে, ৯০-১০০ জন লোকক উদ্ধাৰ কৰা হৈছে। বাকীসকলক উদ্ধাৰৰ অভিযান চলি আছে।
কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে জনাই যে এই দুৰ্যোগৰ বাবে জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতি বিপদজনক হৈ পৰিছে। অৱশ্যে, স্থানীয় প্ৰশাসনে নিষ্ঠাৰে কাম কৰি আছে।
ৰামবান চহৰত হোৱা শিলাবৃষ্টি, ধুমুহা বতাহৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে।