চীনত ২১ কিলোমিটাৰ দৌৰত মানৱৰে অংশ ল’লে ৰ’ব’টে 

images 14

China: চীনৰ ৰাজধানী বেইজিঙত বিগত শনিবাৰে মানৱ আৰু ৰ’বটৰ মাজত অনুষ্ঠিত হ’ল এক অভিনৱ দৌৰ প্ৰতিযোগিতা। মাৰাথন দৌৰত যন্ত্রমানৱে প্ৰথমবাৰৰ বাবে মানৱৰ স’তে ২১ কিলোমিটাৰ পথত দৌৰিলে।

ADVERTISEMENT

বেইজিঙৰ দক্ষিণ-পূব জিজুৱাংগ প্ৰদেশত এই দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই অঞ্চলত চীনৰ কে’বাটাও বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠানৰ কাৰ্যালয় আছে। তথ্য অনুসৰি, মানৱৰ স’তে আয়োজিত উক্ত দৌৰ প্ৰতিযোগিতাত ২১ টা ৰ’ব’টে অংশ লৈছিল।

কেইটামান ৰ’বৰ্টৰ উচ্চতা আছিল ৩.৯ ফুট পৰা ৫.৯ ফুটলৈকে। অৱশ্যে দৌৰ প্ৰতিযোগিতাত অংশ লৈ মানৱক পৰাভূত কৰিব নোৱাৰিলে ৰ’ব’টে। মানৱ প্ৰতিযোগীয়ে ২১ কিলোমিটাৰ পথৰ মাৰাথনত অংশ লৈ এঘণ্টা দুই মিনিটতে দৌৰ সম্পূৰ্ণ কৰাৰ বিপৰীতে ৰ’বট প্রতিযোগীয়ে সময় ল’লে দুঘণ্টা ৪০ মিনিট। এই অভিনৱ দৌৰ প্ৰতিযোগিতাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

Exit mobile version