Cyber Crime: ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ অপব্যৱহাৰৰে বিশ্বজুৰি চাইবাৰ অপৰাধৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। ২০২৪ বৰ্ষত বিশ্বত ৪৯৮ লাখ কোটিৰো অধিক চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছিল।
অৰ্থাৎ যোৱা বছৰত বিশ্বত প্ৰতি ছেকেণ্ডত ১.৬৩ কোটি চাইবাৰ প্ৰৱঞ্চনা হৈছিল। ভাৰতত ২০২৩ বৰ্ষত চাইবাৰ অপৰাধৰ ৯.২ লাখৰো অধিক অভিযোগ দাখিল হৈছিল।
চাইবাৰ অপৰাধীয়ে ছয় হেজাৰ কোটিৰ প্ৰৱঞ্চনা কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতত ছবছৰত চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা ৪২ গুণ বৃদ্ধি পালে।
চৰকাৰে চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধৰ বাবে যথেষ্ট ধন ব্যয় কৰাৰ পাছতো চাইবাৰ অপৰাধীক নিয়ন্ত্ৰণ কৰিব পৰা নাই। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই পূর্বানুমানত উল্লেখ কৰা অনুসৰি ২০২৫ বৰ্ষত চাইবাৰ অপৰাধীয়ে ভাৰতত ১.২ লাখ কোটিৰো অধিক প্ৰৱঞ্চনা কৰাৰ সম্ভাৱনা আছে।