Donald Trump: বিয়া কৰিলে বা সন্তান জন্ম হ’লেই টকা বা অতিৰিক্ত কোনো সুযোগ সুবিধা লাভ কৰিব আমেৰিকাত ! আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মৰ হাৰ বৃদ্ধি কৰাৰ বাবে ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ এনে পৰিকল্পনা। আমেৰিকাৰ বাতৰি কাকত ‘নিউয়ৰ্ক টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি ইতিমধ্যে কেবাটাও প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা হৈছে।
এটা প্ৰস্তাৱ হ’ল আমেৰিকাৰ উচ্চ শিক্ষানুষ্ঠানত ফুলব্ৰাইটৰ বৃত্তি লাভ কৰাৰ সময়ত বিবাহিত বা সন্তান জন্ম দিয়া লোকৰ বাবে ৩০ শতাংশ আসন সংৰক্ষণ কৰা।
ইয়াৰ উপৰিও সন্তান জন্ম দিয়াৰ পাছত মাতৃসকলক পাঁচ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৪ লাখ টকাতকৈ অধিক) আৰ্থিক সাহায্য প্ৰদানৰ কথাও বিবেচনা কৰা হৈছে। আন এক পৰিকল্পনাও প্ৰকাশ কৰিছে হোয়াইট হাউছৰ এক সূত্ৰই।
অৰ্থাৎ ছোৱালীবোৰক ঋতুস্ৰাৱৰ বিষয়ে অধিক সজাগ কৰা, যাতে তেওঁলোকে কেতিয়া গৰ্ভৱতী হ’ব পাৰে সেই বিষয়ে স্পষ্ট ধাৰণা পায়।
অৱশেষত কোনটো পৰিকল্পনাই সেউজ সংকেত পাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু ২০০৭ চনৰ পৰা আমেৰিকাত জন্মৰ হাৰ হ্ৰাস পাইছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসন এই বিষয়ে যথেষ্ট চিন্তিত।
হোৱাইট হাউছৰ সূত্ৰৰ মতে, নাগৰিকক সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈ ইতিমধ্যে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলক তেওঁলোকৰ সন্তানৰ সৈতে চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছে।
প্ৰসংগক্ৰমে চীনকে ধৰি বহু দেশে ইয়াৰ পূৰ্বেও জন্মৰ হাৰ বৃদ্ধিৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। জল্পনা-কল্পনা কৰা হৈছে যে এইবাৰ ট্ৰাম্পৰ আমেৰিকাইও একে পথেই অনুসৰণ কৰিবলৈ ওলাইছে।