পহেলগামত নিৰীহ পৰ্যটকক হত্যা কৰা তিনিজন উগ্ৰপন্থীৰ স্কেচ্চ প্ৰকাশ

images 3 4

Pahalgam: এনআইএয়ে প্ৰকাশ কৰিলে পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত তিনিজন সন্ত্ৰাসবাদীৰ স্কেচ। প্ৰত্যক্ষদৰ্শী, আনকি আঘাতপ্ৰাপ্ত লোকসকলৰ স’তে কথা পাতি প্ৰাপ্ত তথ্যৰ আধাৰত স্কেচকেইখন অংকন কৰা হৈছে।

ADVERTISEMENT

তথ্য অনুসৰি,সন্ত্ৰাসবাদী তিনিজনৰ নাম আছিফ ফুজি, চুলেমান শ্বাহ আৰু আবু তালহা। এই আটাইকেইজনেই লস্কৰৰ ছায়া গোট ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ৰ সদস্য।

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি, কুৰ্তা-পায়জামা পিন্ধা পাঁচ ছয়জন সন্ত্ৰাসবাদী মঙলবাৰে আবেলি ৰিজৰ্টত উপস্থিত হয়। তেওঁলোকৰ হাতত আছিল একে-৪৭ বন্দুক।

তাতে সেই গুলীচালনাত বহুতো পৰ্যটকৰ প্ৰাণ হেৰুৱালে।এতিয়ালৈকে কমেও ২৭ জন লোকৰ মৃত্যু হৈছে আৰু আন কেবাজনো লোক আহত হৈছে।

উল্লেখ্য যে, মঙলবাৰে পুলৱামাৰ পাছত জম্মু-কাশ্মীৰৰ মাটিত আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে ।

Exit mobile version