পাকিস্তানত আছে ২.২ কোটি ভিক্ষাৰী 

images 4 4

Pakistan : পাকিস্তানত ভিক্ষাৰীৰ সংখ্যা দ্রুত বৃদ্ধি পাইছে। এই সন্দৰ্ভত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খোৱাজা মোহম্মদে তথ্য সদৰী কৰি জনোৱা অনুসৰি, সম্প্রতি ছৌদি আৰৱৰ পৰা ৪,৭০০ ৰো অধিক পাকিস্তানী ভিক্ষাৰীক স্বদেশলৈ প্ৰেৰণ কৰা হৈছিল।

ADVERTISEMENT

এইসকল পাকিস্তানী নাগৰিকে ভুৱা ভিছা লৈ হজ আৰু উমৰাহত অংশ লোৱাৰ অচিলাৰে ছৌদি আৰবলৈ গৈ ভিক্ষা কৰিছিল। ছৌদি আৰৱৰ প্ৰশাসনে পাকিস্তানী ভিক্ষাৰীক চিনাক্ত কৰি স্বদেশলৈ উভতাই পঠালে৷

পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে পাকিস্তানত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰি এইদৰে ক’লে, ‘পাকিস্তানত প্ৰায় ২.২ কোটি ভিক্ষাৰী আছে। এইসকল ভিক্ষাৰীয়ে বছৰজুৰি মুঠ ৪২ বিলিয়ন টকা উপার্জন কৰি আহিছে।

এনে ভিক্ষাৰীয়ে বিদেশত ভিক্ষা বৃত্তিত জড়িত হৈ পাকিস্তানৰ ভাবমূর্তি নষ্ট কৰিছে।’ ছৌদি আৰৱত ভিক্ষাবৃত্তিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন কৰা বুলি তথ্য সদৰী কৰি মোহম্মদে লগতে কয় যে ২০২১-২০২৪ৰ সময়ছোৱাত ছৌদি আৰৱে চাৰি হেজাৰৰ অধিক ভিক্ষাৰীক গ্ৰেপ্তাৰ কৰি পাকিস্তানলৈ প্ৰেৰণ কৰিছিল।

Exit mobile version