Pahelgam: দেশ কঁপাই তোলা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদীক বিচাৰি উলিয়াই “কল্পনীয় শাস্তি” প্ৰদান কৰিব।
প্ৰসংগক্ৰমে ২৪ ঘন্টাৰ ভিতৰতে নিৰাপত্তা বাহিনী আৰু জম্মু-কাশ্মীৰ প্ৰশাসনে উগ্ৰপন্থী দুজনৰ ঘৰ ভাঙি পেলায়।
প্ৰাথমিক তথ্য অনুসৰি,দুয়ো সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ স’তে জড়িত আছিল আৰু দুয়োজন পহলগাম সন্ত্ৰাসবাদী আক্ৰমণতো জড়িত আছিল।সন্ত্ৰাসবাদী দুজন কাশ্মীৰৰ অনন্তনাগ জিলাৰ বাসিন্দা।
এজনৰ নাম আছিফ শ্বেখ আৰু আনজনৰ নাম আদিল হুছেইন থোকাৰ। সামৰিক সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে মাজ নিশা আই ই ডি বিস্ফোৰণত আদিলৰ ঘৰ উৰুৱাই দিয়া হয়। আৰু শুকুৰবাৰে আছিফৰ ঘৰটো বুলডজাৰেৰে ভাঙি পেলোৱা হয়।
যোৱা মঙলবাৰে কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত উগ্ৰপন্থী আক্ৰমণত ২৬ জন পৰ্যটককে ধৰি মুঠ ২৭ জন লোক নিহত হয়। এই আক্ৰমণত আছিফ আৰু আদিলৰ নামো জড়িত হৈ আছিল। সামৰিক সূত্ৰ অনুসৰি দুয়োজনে বাহিৰৰ পৰা অহা উগ্ৰপন্থীৰ বাবে স্থানীয় পথ দেখুৱাইছিল।
সূত্ৰ অনুসৰি, আদিলে ২০১৮ চনত আটাৰী-ৱাঘা সীমান্তৰ মাজেৰে প্ৰশিক্ষণৰ বাবে পাকিস্তানলৈ গৈছিল। তেওঁ যোৱা বছৰ তেওঁ জম্মু কাশ্মীৰলৈ উভতি আহিছিল।
পাকিস্তানৰ পৰা উভতি অহাৰ পাছত দক্ষিণ কাশ্মীৰতো তেওঁক কেবাবাৰো দেখা গৈছিল। স্থানীয় বাসিন্দা হোৱাৰ বাবে তেওঁ পহলগামৰ আৰু বৈসাৰণৰ ভৌগোলিক অৱস্থান জানে।