Horoscope: মেষ : মানসিক কষ্ট বাঢ়িব পাৰে। ঘৰৰ পৰা কিছু মূল্যৱান সামগ্ৰী হেৰুৱাব পাৰে। বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা । ব্যৱসায়ৰ বাবে চিন্তা বৃদ্ধি । শুভ ৰং মাখন, শুভ সংখ্যা ২।
বৃষ : আপোনাৰ কোনো ব্যৱহাৰত আনৰ বেয়া লাগিব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্য অসুস্থ হোৱাৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।
মিথুন : ব্যৱসায়ত নতুন কামৰ শুভ সূচনা আহিব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। চাকৰিৰ স্থান সলনি হ’ব পাৰে। প্রিয়জনৰ লগত শান্তি অনুভৱ কৰিব। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৪।
কর্কট : হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। কৰ্মস্থানত অতিৰিক্ত ক্ৰোধৰ বাবে বিবাদ হ’ব পাৰ। শুভ ৰং নীলা, শুভ সংখ্যা ৯।
সিংহ : পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। চাকৰিয়ালৰ পদোন্নতিত বাধা আছে। আনক আনন্দ অনুভৱ কৰাৱ খোজোতে নিজে দুখত পৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।
কন্যা: স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। চাকৰি স্থানত কোনো মহিলাৰ লগত নতুন বন্ধুত্ব হ’ব পাৰে। যানবাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।
তুলা : অচিনাকি ব্যক্তিৰ পৰা প্ৰতাৰিত হোৱাৰ আশংকা। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত আইনী সুৰক্ষা পাব। প্রতিযোগিতামূলক কামত জয়লাভ হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।
বৃশ্চিক : সামাজিক সুনাম হানি হোৱাৰ আশংকা। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভফল পাব। ব্যৱসায়ত শুভ ফল পাব। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং বগা, শুভ সংখ্যা ২।
ধনু :কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হওক। নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব। অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ লাভ কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।
মকৰ : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত ভাল ফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। দিনটোত ব্যৱসায়ীসকল লেন-দেন কৰোতে সাৱধান হ’ব। শুভ ৰং হালধীয়া,
শুভ সংখ্যা ৭।
কুম্ভ : দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনো যোগা যোগত উৎসাহিত হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
মীন : আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। অকাৰণ বা কাৰণৰেই হওক কোনোৰ লগত মত বিৰোধ হোৱাৰ আশংকা। বন্ধুবৰ্গৰ প্ৰতি সাৱধান হওক। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৭।