নলবাৰী সমষ্টিৰ সাহানবিষ্টুপুৰত এটি পথৰ বাবে ৰাইজৰ হাহাকাৰ

আগন্তুক পঞ্চায়তত যোগ্য প্রতিনিধি নাথাকিলে ভোট বৰ্জনৰ হুংকাৰ

IMG 20250426 190014

ৰাজ্য চৰকাৰৰ প্রভাৱশালী মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ ঘগ্রাপাৰ ৰাজহচক্ৰৰ অৰ্ন্তগত সাহানবিষ্টুপুৰ গাওৰ এটা পথ ৰাইজে হাহাকাৰ কৰিব লগা পৰিলক্ষিত হৈছে।যাক লৈ স্থানীয় ৰাইজে পথ মেৰামতিৰ বাবে শ্রমদান কাৰ্যসূচী ৰূপায়ন কৰা দেখা পোৱা যায়।

ADVERTISEMENT

উল্লেখযোগ্য যে নলবাৰী সমষ্টিৰ অন্তৰ্গত সোনামতি কেহেৰুৱা চক সংযোগী পথৰ মিলৰ চকৰ সন্মুখেৰে যোৱা পথটি দীৰ্ঘ সময় বিধ্বস্ত হৈ পৰিছে। এই পথটি পূৰ্বৰ ১৫ নং দিহজাৰী পঞ্চায়তৰ অন্তৰ্গত আছিল যদিও এতিয়া ১৫ নং সাগৰকুছি বিষ্টুপুৰ গাও পঞ্চায়তৰ অৰ্ন্তগত হল যদিও পঞ্চায়তে বছৰ বছৰ ধৰি পথটি মেৰামতি নকৰিলে ।

যাৰ বাবে গাঁও খনৰ লগতে অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগি আহিছে। বিগত পোন্ধৰ বছৰ কংগ্ৰেছৰ শাসন কালত আৰু বৰ্ত্তমানৰ পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনটো এই পথছোৱা পকীকৰণৰতো দুৰৈৰ কথা বিশেষ উন্নয়নয়ো নকৰাত আজি স্হানীয় যুৱক আৰু ৰাইজে হাতে হাতে কোৰ, সাঙি লৈ নিজৰ পকেটৰ টকা খৰচ কৰি চেন্টগ্ৰেভেল আনি পথটো মেৰামতি কৰে।

উক্ত গাঁৱৰ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ তুলিছে। বাৰিষা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে উপায় বিচাৰি নোপোৱা হৈছে । স্থানীয় ৰাইজ তথা গাঁও খনৰ সচেতন যুৱক সকলে পঞ্চায়ত প্ৰতিনিধি , স্থানীয় বিধায়ক তথা সাংসদকো উন্নয়নৰ বাবে আবেদন কৰি আহিছে যদিও এতিয়ালৈ সু-ফল পোৱা নাই ।

বৰ্ত্তমানৰ বিজ্ঞানৰ যুগতো গ্ৰামাঞ্চলটো এনেদৰে অৱহেলিত হৈ থকাত ৰাইজে দুখ প্ৰকাশ কৰিছে । ইপিনে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা , গাওঁ‌ পঞ্চায়তে এবাৰো এই জৰাজীৰ্ণ পথটি পৰিদৰ্শন নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

স্থানীয় যুৱক দেৱজিৎ কলিতাই বছৰ বছৰ ধৰি নিৰ্মান নোহোৱা পথটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাই ৷

উল্লেখযোগ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত পথচোৱা নিৰ্মাণ কৰিব পৰা নতুবা ৰাইজৰ সমস্যা সমাধান কৰিব পৰা যদি কোনো যোগ্য প্ৰতিনিধি নাথাকে তেনেহলে ভোট বৰ্জনৰ হুংকাৰো দিয়ে ৰাইজে।

Exit mobile version