তিনি দিনত নটা টাৰ্গেটত আক্ৰমণ

পাকিস্তানলৈ পলায়ন কৰা লস্কৰ উগ্ৰপন্থীৰ ঘৰ ভাঙিলে সেনাই

laskar cover

Pahalgam : পহলগাম আক্ৰমণৰ পাছত সমগ্ৰ কাশ্মীৰত সেনাৰ অভিযান অব্যাহত আছে।বাছনি কৰি ভাঙি পেলোৱা হৈছে ইটোৰ পাছত সিটো উগ্ৰপন্থীৰ ঘৰ। সেই তালিকাত নবতম সংযোজন কৰা হৈছে পাকিস্তানলৈ পলায়ন কৰা লস্কৰৰ উগ্ৰপন্থী ফাৰুক আহমেদৰ ঘৰ।

ADVERTISEMENT

শনিবাৰে গভীৰ নিশাৰ পৰা কাশ্মীৰৰ ছয়টা ঠাইত সেনাই অভিযান চলাই আহিছে। অনন্তনাগ, পুলৱামা, শ্বোপিয়ান, আৰু কুলগাঁৱৰ বিভিন্ন অঞ্চলত একেলগে অভিযান চলিছে।

অভিযানৰ সময়ত, সেনাই কুপৱাৰাত ফাৰুক আহমদৰ ঘৰ ভাঙি পেলায়। অৱশ্যে, উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল। তথ্য অনুসৰি তেওঁ সীমান্ত পাৰ হৈ পাকিস্তানলৈ পলায়ন কৰে। উল্লেখ্য যে ,যোৱা পাঁচ দিনত কমেও নজন সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলোৱা হৈছে।

পহলগাম আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰ শুকুৰবাৰে বিস্ফোৰণত ভাঙি পেলোৱা হয়। মঙলবাৰে বিয়লি পহলগামত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত থকা চাৰিজনলোকৰ ইয়াৰে দুজন পাকিস্তানী। আৰু দুজন কাশ্মীৰৰ বাসিন্দা। সেই কাশ্মীৰী উগ্ৰপন্থীসকলৰ ভিতৰত আছিফ শ্বেখ অন্যতম।

অনন্তনাগত আন এজন পহলগাম আক্ৰমণকাৰী আদিল থোকাৰ ওৰফে আদিল গুৰিৰ ঘৰো ধ্বংস কৰা হৈছে।

Exit mobile version