Thiruvananthapuram :পহলগাম কাণ্ডৰ আতংকৰ মাজতে দ্বিতীয়বাৰৰ বাবে দক্ষিণ ৰাজ্যত বোমাতংক।দেওবাৰে পুৱা তিৰুৱন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমা ৰখাৰ এটা ভাবুকিপূৰ্ণ ই-মেইল পোৱা গৈছে ।
তথ্য পোৱাৰ লগে লগে বোমা স্কোয়াডে বিমানবন্দৰৰ চৌহদত পুংখানুপুংখ তালাচী আৰম্ভ কৰে।
তিৰুৱনন্তপুৰম বিমানবন্দৰৰ জনসংযোগ বিষয়া (পি আৰ অ’)ৰ উদ্ধৃতি দি সংবাদ সংস্থাই এই কথা প্ৰকাশ কৰিছে।
শনিবাৰে তিৰুৱনন্তপুৰমৰ একাধিক হোটেলত আই ই ডি বোমা স্থাপন কৰা হৈছে বুলি ভাবুকিপূৰ্ণ ইমেইল আহিছিল।
বাতৰিটো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে স্নিফাৰ ডগ আৰু বম্ব স্কোয়াডৰ স’তে অনুসন্ধান আৰম্ভ কৰে। অৱশ্যে, আৰক্ষীয়ে জনাই যে তেওঁলোকে কেবাখনো হোটেলত তালাচী চলাইছিল যদিও একো নাপালে।
এই ভুৱা ইমেইলবোৰ কেৱল আতংকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈহে কৰা হৈছিল।
উল্লেখ্য যে,এই মাহৰ আৰম্ভণিতে, কেৰালাৰ জিলা দণ্ডাধীশ, কেৰালা উচ্চ ন্যায়ালয়কে ধৰি কেবাটাও চৰকাৰী কাৰ্যালয়ে বোমা ৰখাৰ বিষয়ে একে ধৰণৰ ফোন পাইছিল।
তদন্তৰ সময়ত, আৰক্ষীয়ে জনাই যে এই সকলোবোৰ গোচৰ ভুৱা আছিল। এই ভুৱা কলবোৰ কেৱল ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ কৰা হৈছিল।
পহলগাম হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত তিৰুৱন্তপুৰম আৰু তিৰুৱন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কেবাখনো হোটেললৈ বোমা ৰখাৰ ইমেইল প্ৰেৰণ কৰা হৈছে। অৱশ্যে, এতিয়ালৈকে গোচৰটোত কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই।