তৰমুজৰ কেইটামান চমৎকাৰী উপকাৰিতা ! 

images 2 9

Watermelon: গ্ৰীষ্মকাল মানেই যেন তৰমুজৰ বতৰ! গ্ৰীষ্মকাল ফলমূল বজাৰত আটাইতকৈ দেখিবলৈ পোৱা ফলবিধেই হৈছে তৰমুজ।

ADVERTISEMENT

তৰমুজ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। তৰমুজত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন-এ, চি, লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই ৰসাল ফলবিধে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে পেটৰ সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। তদুপৰি, তৰমুজ খালে ভোক হ্ৰাস হয়, যিয়ে ওজন কমোৱাত সহায় কৰে।

ওজন কমোৱাত সহায় কৰে

তৰমুজে মানৱ শৰীৰত জমা হৈ থকা চর্বি কমোৱাত সহায় কৰে। তৰমুজত থকা Citrulline নামৰ এমিনো এছিডবিধ কিডনিৰ বাবে অত্যন্ত উপকাৰী।তৰমুজত প্রচুৰ পৰিমাণে পানী থকাৰ বিপৰীতে খুব কম পৰিমাণৰ কেলৰি থাকে। সেই কাৰণেই পেট ভৰাই তৰমুজ খালেও সেই অনুযায়ী ওজন নাবাঢ়ে।

জলশূন্যতা দূৰ কৰে

তৰমুজত প্রচুৰ পৰিমাণে পানী থাকে। গৰমৰ সময়ত যেতিয়া ঘামৰ মাধ্যমত শৰীৰৰ পৰা প্রচুৰ পৰিমাণে ঘাম বাহিৰ হয় তেতিয়া তৰমুজ খালে শৰীৰৰ জলশূন্যতা দূৰ হয়।

শ্বাস-প্ৰশ্বাসৰ কষ্ট প্রতিৰোধ কৰে

যিসকলে বহুতদিনৰ পৰা শ্বাস-প্ৰশ্বাসৰ সময়ত কষ্ট অনুভৱ কৰে তেখেত সকলে প্ৰতিদিনেই তৰমুজ খোৱাৰ অভ্যাস গঢ়ি তোলক। তৰমুজে শৰীৰৰ ভিটামিন চি ৰ অভাৱ পূৰণ কৰে আৰু হাঁপানি প্রতিৰোধ কৰাত সহায় কৰে।

কেঞ্চাৰ প্রতিৰোধ কৰে

তৰমুজত থকা এন্টি অক্সিডেন্টে কেঞ্চাৰ সৃষ্টিৰ বাবে দায়ী কোষবোৰক নির্মূল কৰাত সাহায্য কৰে। গৱেষণাত দেখা গৈছে তৰমুজত লাইকোপিন নামৰ উপাদান থাকে যি প্রোষ্টেট গ্ৰন্থিত কেঞ্চাৰৰ সম্ভাৱনীয়তা কমাই দিয়ে।

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

তৰমুজত ভিটামিন-চি যথেষ্ট পৰিমাণে পোৱা যায়।যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।তদুপৰি, ইয়াত পোৱা আঁহে পাচন তন্ত্ৰ আৰু অন্ত্ৰত বিকশিত হোৱা বেক্টেৰিয়া দূৰ কৰাত সহায় কৰে।

হাপানীত উপকাৰী

তৰমুজত লাইকোপেন পোৱা যায়। লাইকোপেন হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট, যি হাপানিত ভুগি থকা ৰোগীসকলৰ বাবে উপকাৰী।তদুপৰি, হাপনী ৰোগীৰ বাবে দৰকাৰী ভিটামিন-এও তৰমুজত যথেষ্ট পৰিমাণত পোৱা যায়।

Exit mobile version