Military Action : জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে আতংকিত হৈ পৰিছে পাকিস্তান। কালি ভাৰতীয় সেনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে মোডী চৰকাৰে ।
এই পৰিবেশতেই পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে নিজৰ উদ্বেগ প্ৰকাশ কৰি এটা ডাঙৰ বক্তব্য আগবঢ়ায়।পাকিস্তানৰ সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাহাৰে মঙলবাৰে পুৱা দুই বজাত ছ’চিয়েল মিডিয়াযোগে দেশখনক সকীয়াই দি লিখিছে যে ভাৰতে ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ বিৰুদ্ধে বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিব পাৰে।
মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাত পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে কয় যে, পহলগাঁও কাণ্ডৰ বাবে আমাক দোষাৰোপ কৰি ভাৰতে অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাকিস্তানক আক্ৰমণ কৰিবলৈ ওলাইছে বুলি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা আমি তথ্য লাভ কৰিছো। অৱশ্যে ভাৰতৰ যিকোনো একপক্ষীয় পদক্ষেপৰ প্ৰতি সঁহাৰি জনাবলৈও পাকিস্তান সাজু।’
লগতে পাকিস্তানী মন্ত্ৰীজনে তেওঁৰ সুৰ কোমল কৰি কয় যে পাকিস্তান নিজেই সন্ত্ৰাসবাদৰ বলি। গতিকে আমি এই বিষটো বুজি পাওঁ। আমি পৃথিৱীৰ যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদৰ যিকোনো কাৰ্যক গৰিহণা দিছো। দায়বদ্ধ ৰাষ্ট্ৰ হিচাপে পাকিস্তানে ভাৰতক নিৰপেক্ষ সংস্থাৰ দ্বাৰা এই ঘটনাৰ স্বচ্ছ তদন্ত কৰিবলৈ আহ্বান জনাইছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সংঘাতৰ পথত খোজ দিয়াৰ সিদ্ধান্ত লৈছে। যাৰ পৰিণতি ভয়ংকৰ হ’ব।’
পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে আৰু অভিযোগ কৰে যে কেৱল ৰাজনৈতিক স্বাৰ্থ সেৱাৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপ অত্যন্ত দুৰ্ভাগ্যজনক। অৱশ্যে ভাৰতে যদি কোনো ধৰণৰ আক্রমণ কৰে তেন্তে পাকিস্তানে পৰম দৃঢ়তাৰে প্রত্যুত্তৰ দিব৷
একে সময়তে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বলৈ বাৰ্তা প্ৰেৰণ কৰি কয় যে এই আক্ৰমণৰ পৰিণতিৰ বাবে ভাৰত সম্পূৰ্ণৰূপে দায়ী হ’ব। পাকিস্তানে নিজৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ।
বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত পৰ্যটকসহ ২৬ জন লোক নিহত হয়। শেহতীয়াকৈ ভাৰতত সন্ত্ৰাসবাদৰ উত্থানে সীমান্ত সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। এই আক্ৰমণৰ বাবে ভাৰতে প্ৰত্যক্ষভাৱে পাকিস্তানক জগৰীয়া কৰিছে।
আক্ৰমণত জড়িত চাৰিজন সন্ত্ৰাসবাদীৰ দুজন পাকিস্তানৰ আছিল। পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন টিআৰএফে পাছত এই আক্ৰমণৰ দায়িত্ব অস্বীকাৰ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ স’তে উচ্চ পৰ্যায়ৰ আলোচনা তৈয়াৰ কৰে। ইয়াৰ পাছত, ভাৰত চৰকাৰে সেনাক সম্পূৰ্ণ স্বাধীনতা ঘোষণা কৰে।
নতুন দিল্লীত মোডী চৰকাৰৰ কাৰ্যকলাপক লৈ পাকিস্তান স্বাভাৱিকতে আতংকিত হৈ পৰিছে। ইয়াৰ মাজতে পাকিস্তানী মন্ত্ৰীৰ এই বাৰ্তাই এতিয়া সীমান্তৰ সিপাৰেও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।