ইনষ্টাগ্ৰামত ফল’ৱাৰৰ সংখ্যা হ্ৰাসত আত্মহনন সামাজিক মাধ্যমৰ জনপ্ৰিয় ইনফ্লুয়েন্সাৰ যুৱতীৰ : পৰিয়ালৰ চাঞ্চল্যৰ তথ্য

images 8

Instagram: সামাজিক মাধ্যমত ৰীলছ তৈয়াৰৰ জৰিয়তে জনপ্রিয়তা অৰ্জন কৰা মিছা আগৰৱালৰ আত্মহত্যা । জন্মদিনৰ দুদিন পূৰ্বে আত্মহত্যাৰ পথ বাচি ল’লে মিছাই।বিগত ২৪ এপ্ৰিলতে সামাজিক মাধ্যমৰ ইনফ্লুয়েন্সাৰ মিছাৰ মৃত্যুৰ খবৰ বিয়পি পৰিছিল যদিও ২৬ এপ্ৰিলত তেওঁৰ জন্মদিনৰ দিনা সামাজিক মাধ্যমৰ জৰিয়তে পৰিয়ালৰ লোকে তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰে ।

ADVERTISEMENT

মিছাৰ ভগ্নীয়ে সামাজিক মাধ্যমত আপলোড কৰা এক প’ষ্টত দাবী কৰা অনুসৰি, তেওঁৰ ভগ্নীয়ে হতাশাত ভুগি আত্মহনন কৰিলে। ভগ্নীগৰাকীয়ে লগতে উল্লেখ কৰা অনুসৰি, সামাজিক মাধ্যমত ফল’ৱাৰৰ সংখ্যা হ্ৰাস পোৱাত মানসিকভাৱে মিছা ভাগি পৰিছিল।

উক্ত প’ষ্টত মিছা ভগ্নীয়ে এইদৰে লিখিলে—‘মোৰ কনিষ্ঠ ভগ্নীয়ে ইনষ্টাগ্ৰাম আৰু নিজৰ অনুৰাগীৰ মাজত এখন নিজা জগত গঢ়ি তুলিছিল। তেওঁৰ লক্ষ্য আছিল ইনষ্টাগ্ৰামত এক নিযুত ফল’ৱাৰ লাভ কৰা। কিন্তু ফল’ৱাৰৰ সংখ্যা ভবা ধৰণে বৃদ্ধি নোহোৱাত মিছা হতাশগ্ৰস্ত হৈছিল। এপ্ৰিলৰ আৰম্ভণিৰে পৰা তেওঁ বৰ উদাস হৈছিল। ফল’ৱাৰৰ সংখ্যা হ্রাস পালে কেৰিয়াৰ ধ্বংস হ’ব বুলিও মিছাই শংকা প্ৰকাশ কৰিছিল ৷ হতাশাৰ কাৰণতে তাই আত্মহত্যা কৰিলে।’

Exit mobile version