Pahalgam Attack:পহলগাম আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ স’তে কথা পাতিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। এই নৃশংস ঘটনাৰ প্ৰতিশোধ ল’বলৈ দিল্লীয়ে পাকিস্তানক কেনেদৰে প্ৰত্যুত্তৰ দিব, সেইটোৱেই এতিয়া সকলোৰে দৃষ্টি। তৎপৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰ । অব্যাহত আছে বৈঠক।
ভাৰতীয় সেনাই যুদ্ধবিৰতি উলংঘা কৰাৰ বিৰুদ্ধে পাকিস্তান সেনাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।
দীৰ্ঘদিনীয়া দাবীৰ মাজতো ভাৰত এতিয়াও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ’ব পৰা নাই। আলজেৰিয়া, গ্ৰীচ, গায়ানা, পানামা, চিয়েৰা লিয়ন, স্লোভেনিয়া আৰু চোমালিয়া অস্থায়ী সদস্য।
তথ্য অনুসৰি ,জয়শংকৰে বুধবাৰে এই দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ স’তে ফোনযোগে কথা পাতিছে। তেওঁ পহলগাম আক্ৰমণৰ অপৰাধীসকলক ন্যায়ৰ সন্মূখীন কৰাৰ বাবে ভাৰতৰ দৃঢ় সংকল্পৰ কথা অৱগত কৰে।
বিশ্লেষকসকলে কয় যে এই কথোপকথন অতি গুৰুত্বপূৰ্ণ। ২০২৫-২০২৬ চনৰ কাৰ্যকালৰ বাবে পাকিস্তান ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ সদস্য।
ইছলামবাদে বাৰে বাৰে কাশ্মীৰ বিষয়ত ভাৰতক প্ৰত্যাহ্বান জনাই আহিছে। পাকিস্তান চৰকাৰে আৰম্ভণিৰে পৰাই পহলগাঁও আক্ৰমণৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰি আহিছে। লগতে এই ঘটনা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় তদন্তৰ আহ্বান জনায়।
বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন পৰ্যটক আৰু এজন স্থানীয় নাগৰিক নিহত হয় ।লস্কৰ-ই-তৈবাৰ ছা সংগঠন টিআৰএফে প্ৰথমতে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল যদিও পাছত ইয়াক অস্বীকাৰ কৰে।
অভিযোগ উত্থাপন হৈছে যে পাকিস্তান সেনা আৰু আই এছ আইয়ে এই সংগঠনটোক কাশ্মীৰৰ মাটিত সন্ত্ৰাসবাদ চলাবলৈ ক্ষমতা প্ৰদান কৰিছিল।