Iran : দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ অহাৰ সম্ভাৱনা ইৰাণৰ বৈদেশিক মন্ত্ৰী চৈইদ আব্বাছ আৰাঘচিৰ ।এই দাবী সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ ।
সূত্ৰ অনুসৰি, সাত আৰু আঠ মে’ত দুদিনীয়া ভ্ৰমণ সুচিৰে নতুন দিল্লী আহিব ইৰাণৰ বৈদেশিক মন্ত্ৰী। উল্লেখ্য যে,এই ভ্ৰমণৰ সময়ত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব। লগতে তেওঁ আন নেতাসকলৰ স’তেও সাক্ষাৎ কৰিব। পহলগামৰ পৰিপ্ৰেক্ষিতত বৈঠকখন গুৰুত্বপূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।
ইয়াৰ আগতে, আৰাঘচিক তেওঁৰ এক্স-হেণ্ডেলত পহলগাম আক্ৰমণৰ বিষয়ে পোষ্ট কৰা দেখা গৈছে।
উল্লেখ্য যে,শনিবাৰে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে মোডীক ফোন কৰি জম্মু-কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। ইয়াৰ ওপৰিও তেওঁ নিহঁত হোৱা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।